9
চৰাইদেউ মৈদাম : ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি
বিশ্ব ঐতিহ্যক্ষেত্র চৰাইদেউ মৈদাম
ঐতিহ্যৰ পৃথিৱীত অসমৰ সুনাম
আহোম ৰাজত্বকালৰ সমৃদ্ধ পৰম্পৰাৰ সাক্ষৰ হৈছে মৈদামসমূহ। চৰাইদেউৰ মৈদামসমূহ অসমৰ ইতিহাসৰ সোণোৱালী পৃষ্ঠা। দীর্ঘদিনীয়া নিৰলস প্রচেষ্টাৰ অন্তত আহোম ৰাজত্বৰ ঐতিহাসিক সমল সমৃদ্ধ চৰাইদেউ মৈদাম ২০২৪ বৰ্ষৰ জুলাই মাহত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্রৰ তালিকাভুক্ত হয়। ই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম আৰু দেশৰ ৪৩ সংখ্যক ঐতিহ্যক্ষেত্র হিচাপে পৰিগণিত হৈছে।
- ইউনেস্ক’ৰ পৰিকাঠামোৰ অধীনত ঐতিহ্যক্ষেত্ৰৰ সংৰক্ষণ, উন্নয়ন, প্ৰবন্ধনৰ বাবে অসমৰ পুৰাতত্ত্ব সঞ্চালকালয়ৰ দ্বাৰা উপযুক্ত ব্যৱস্থা গ্ৰহণ
- সৌন্দর্য্যবর্ধন, টিকট কাউণ্টাৰ, পদপথ, খোৱাপানীৰ ব্যৱস্থা আদিৰ উন্নয়ন
- 3D লেজাৰ স্কেনিং ব্যৱস্থা
- ২০২৩-৩০ বৰ্ষৰ বাবে এলেকা ব্যৱস্থাপনাৰ পৰিকল্পনা
