
মুখ্য সম্পাদক , মুখ্য পৰিচালনা সম্পাদক
নমস্কাৰ! মোৰ নাম বিপুল খনিকৰ। ভাৰতীয় জনতা যুৱ মৰ্চাৰ……………. । আমাৰ আদৰ্শ হ’ল নিৰন্তৰ ৰাইজৰ সেৱা কৰা । শদিয়াবাসীৰ উন্নয়নৰ মাজতেই আমাৰ আনন্দ বিচাৰি পাওঁ । আপোনালোকৰ মৰমৰ বিধায়ক শ্ৰীযুত বলিন চেতিয়া দেৱৰ সদিচ্ছা ও প্ৰেৰণাত আমি আপোনালোকৰ বাবে এই ডিজিটেল মঞ্চখনি নিৰ্মাণ কৰিছোঁ যাতে ইয়াৰ জৰিয়তে শদিয়াৰ ৰাইজৰ কল্যাণৰ কাৰণে আমি যথাসম্ভৱ সেৱা আগবঢ়াই যাব পাৰোঁ। সন্মানীয় বিধায়ক মহোদয়ে শদিয়াৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক যোগাত্মক,প্ৰেৰণাদায়ক শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত গুৰুত্ব প্ৰদান কৰিছে । আমাৰ শদিয়াৰ পৰা যাতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ সম্পদ সৃষ্টি হয় , তাৰ কাৰণে এক সুন্দৰ প্ৰচেষ্টা ‘শিক্ষা-প্ৰেৰণা’ অভিযান আৰম্ভ কৰিছে । এই অভিযানৰ জৰিয়তে শদিয়াৰ সমূহ ছাত্ৰ-ছাত্ৰীৰ মাজত কেৰিয়াৰ সজাগতা বৃদ্ধি কৰা হ’ব , প্ৰতিভা বিকাশৰ বাবে বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰা হ’ব । এই দায়িত্ব আমি নিষ্ঠাৰে আৰু সততাৰে পালন কৰি যাবলৈ আমি সংকল্পবদ্ধ।

