11
শৌৰ্যৰ প্ৰতিমূৰ্তি : সুউচ্চ লাচিত বৰফুকন
প্ৰবল পৰাক্ৰমেৰে অসম ভূমিক মোগলৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰা অসমীয়াৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক হৈছে লাচিত বৰফুকন। শৰাইঘাটৰ ৰণত মোগলৰ বিৰুদ্ধে পৰাক্ৰমী অসমীয়াক লাচিত বৰফুকনে দিয়া নেতৃত্ব ভাৰতৰ ইতিহাসৰ এক নজহা-নপমা কাহিনী। এই মহান অসমীয়া বীৰগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপনৰ লগতে নতুন প্ৰজন্মক তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে অসম চৰকাৰে মহাবীৰগৰাকীৰ মৈদাম থকা যোৰহাটৰ হোলোঙাপাৰত ‘শৌৰ্যৰ প্ৰতিমূৰ্তি’ শীৰ্ষক লাচিত বৰফুকনৰ এটি সুউচ্চ প্ৰতিমূৰ্তি স্থাপন কৰে।লাচিতৰ সুবিশাল মূৰ্তি স্থাপন
অসমৰ শৌৰ্যৰ সূৰ্য চিৰন্তন
প্ৰকল্পৰ অৱলোকন :
- প্ৰতিমূৰ্তিৰ উচ্চতা ৮৪ ফুট
- মুঠ উচ্চতা ১২৫ ফুট
- বেদীৰ উচ্চতা ৪১ ফুট
- ৫০০ আসনযুক্ত প্ৰেক্ষাগৃহ
- অতিথিশালা
- লাচিত বৰফুকন আৰু টাই আহোম সংগ্ৰহালয়
