8
অসমলৈ হেঁপাহৰ বৃন্দাৱনী বস্ত্ৰ
অসমীয়া শিপিনীয়ে তাঁতৰ পাটত ব’লে
সপোনৰ দীঘ আৰু বাণি
আহিৰ অসমলৈ পৰম পবিত্ৰ সেই
বস্ত্ৰ বৃন্দাৱনী
অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যৰ চহকী প্ৰতীক বৃন্দাৱনী বস্ত্ৰ। অসম চৰকাৰ আৰু ব্ৰিটিছ মিউজিয়ামৰ মাজত বিনিময় হোৱা আগ্রহ-পত্র (Letter of Intent)ৰ ভিত্তিত গুৰুজনাৰ স্মৃতি বিজড়িত সেই পবিত্ৰ বস্ত্ৰ অসমলৈ অনা হ’ব আৰু অসমৰ ৰাইজে সেৱা দৰ্শন কৰিব পাৰিব।
- ২০২৭ চনত ১৮ মাহৰ বাবে অসমলৈ অনা হ’ব আপুৰুগীয়া বৃন্দাৱনী বস্ত্ৰ ।
- খানাপাৰাৰ বেচম বিভাগৰ ফাৰ্মত এক বিঘা মাটিত নিৰ্মাণ কৰা হ’ব বিশেষ সংগ্রহালয় ।
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ প্ৰয়াসত ১৭ নৱেম্বৰ ২০২৫ তাৰিখে চুক্তি স্বাক্ষৰ ।
