16
মাতৃ-পিতৃ বন্দনা : সান্নিধ্যৰ সুবাস
সন্তানৰ সান্নিধ্য লাভৰ বাবে প্ৰতিগৰাকী মাতৃ-পিতৃ ব্যাকুল হৈ থাকে। বৃদ্ধাৱস্থাত এই ব্যাকুলতা অধিক বৃদ্ধি পায়। পিছে কৰ্মৰত সন্তানে দায়িত্বৰ খাতিৰত তেওঁলোকক সময় দিব নোৱাৰে। এই আবেগিক সমস্যাৰ প্ৰতি সন্মান জনাই মাতৃ-পিতৃৰ যতন লোৱাৰ সুবিধা দিবলৈ অসম চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ‘মাতৃ-পিতৃ বন্দনা’ শীৰ্ষক বিশেষ ছুটীৰ ব্যৱস্থা কৰিছে।
- অনলাইন আবেদনৰ সুবিধা
- মাহৰ দ্বিতীয় বা চতুৰ্থ শনিবাৰ, দেওবাৰ আৰু আম বন্ধৰ সৈতে মিলাই দীঘলীয়া ছুটি
- তৎকালে আবেদনৰ মঞ্জুৰী
17
শ্রীমন্ত শংকৰদেৱ আসন
অসমীয়া সমাজ-জীৱনৰ কাণ্ডাৰী শ্রীমন্ত শংকৰদেৱ। তেৱাই অসমীয়া জাতিক সংগঠিত কৰি জগতসভাত পৰিচয় কৰাই দিছিল। তেৱাৰ অতুলনীয় পাণ্ডিত্য আৰু ধৰ্মৰ প্ৰতি সন্মান জনাই চৰকাৰে আন ৰাজ্যৰ প্ৰসিদ্ধ বিশ্ববিদ্যালয়ত শ্রীমন্ত শংকৰদেৱৰ আসন প্ৰতিষ্ঠাৰ দিশা কৰিছে।
- অসম চৰকাৰ আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- পাঞ্জাৱ বিশ্ববিদ্যালয় আৰু পশ্চিম বংগৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়তো শ্রীমন্ত শংকৰদেৱৰ আসন_
- _জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়লৈ ১০ কোটি টকা
পাঞ্জাৱ বিশ্ববিদ্যালয় আৰু বিশ্ব ভাৰতী বিশ্ববিদ্যালয়লৈ ৫ কোটি কৈ টকা* - বাহিৰত অসমৰ ভক্তি আন্দোলন তথা শ্রীমন্ত শংকৰদেৱৰ সন্দৰ্ভত অধ্যয়নৰ পথ প্ৰশস্ত
18
কামাখ্যা কৰিডৰ: মা কামাখ্যাৰ শ্ৰীচৰণত
অসমীয়াৰ আবেগ আৰু গৌৰৱ, অসমৰ ধৰ্মীয় পৰ্যটনৰ কেন্দ্ৰস্থল শক্তিপীঠ কামাখ্যা। মা কামাখ্যাৰ দৰ্শনাৰ্থে প্ৰতিবছৰে লাখ লাখ ভক্তৰ সমাগম হয়। অনুৰূপভাৱে সময়ত দৰ্শনাৰ্থীৰ ভিৰে গণনাৰ সীমা অতিক্ৰম কৰে। অসম চৰকাৰে কামাখ্যা অভিগমন কৰিবৰ নিমিত্তে ভক্তৰ প্ৰয়োজনীয় সা-সুবিধা দিবলৈ প্ৰয়াস কৰিছে।
- ২০২৪ বৰ্ষৰ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিডৰ নিৰ্মাণৰ কাম উন্মোচন কৰে ।
