4
বেদখলকৃত ভূমি পুনৰুদ্ধাৰ
বেদখলকৃত ভূমিৰ পুনৰুদ্ধাৰে সৰ্বাত্মক বিকাশৰ খুলিছে দুৱাৰ
বিগত বহু দশকজুৰি অসমৰ চৰকাৰী ভূমি আৰু বনাঞ্চলসমূহ, অসমীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ সত্ৰসমূহকে ধৰি বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ ভূমি সন্দেহযুক্ত বাংলাদেশী মূলৰ মানুহৰ আগ্ৰাসন আৰু বেদখলৰ কবলত পৰিছে। এই আগ্ৰাসনে অসমীয়া জাতিক এক গভীৰ সংকটৰ মুখলৈ ঠেলি দিয়াৰ সময়ত অসম চৰকাৰে এক পবিত্ৰ জাতীয় দায়িত্বৰূপে সেই ভূমি আগ্ৰাসন আৰু বেদখলৰ কবলৰ পৰা উদ্ধাৰৰ দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে। অসম চৰকাৰে জাতীয় দায়বদ্ধতাৰে নিবৰ্ছিন্নভাৱে চলোৱা ব্যাপক উচ্ছেদ অভিযানৰ জৰিয়তে বৰ্তমানলৈ প্ৰায় ডেৰ লাখ বিঘা ভূমি বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছে।
- ১.১ লাখ বিঘা বন্যপ্ৰাণী অভয়াৰণ্য / ৰাষ্ট্ৰীয় উদ্যান / সংৰক্ষিত বনাঞ্চল
- ২৬,৭১৩ বিঘা সাধাৰণ চৰকাৰী / খাচ মাটি
- ৪,৪৪৯ বিঘা অন্যান্য শ্ৰেণীৰ
- ৩,৬৪৩ বিঘা ভি জি আৰ / পি জি আৰ ভূমি
