সাম্প্ৰতিক সময়ত অসমৰ প্ৰেক্ষাপটতেই কেৱল নহয় , সমগ্ৰ ভাৰতৰ প্ৰেক্ষাপটত বিজেপিৰ বিকল্প নাই । আমি বহু ভাগ্যৰ বলত শ্ৰীমান নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে এজন ঋষিতুল্য, বিশাল প্ৰতিভাসম্পন্ন , সুদক্ষ আৰু শক্তিশালী প্ৰধানমন্ত্ৰী লাভ কৰিছোঁ । তেখেতৰ এই ১১ বছৰীয়া প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত আমাৰ ভাৰতবৰ্ষৰ বহু পৰিৱৰ্তন সাধন হৈছে । অসমেও বিগত ৯.৫ বছৰৰ বিজেপি নেতৃত্বাধীন শাসনকালত অভূতপূৰ্ব উন্নয়ন প্ৰত্যক্ষ কৰিছে । আটাইতকৈ বৃহৎ সংস্কাৰ সাধন হৈছে চৰকাৰী প্ৰশাসন যন্ত্ৰৰ । বিজেপি চৰকাৰৰ আগতে সমগ্ৰ অসমখন দুৰ্নীতি, হত্যা-হিংসাৰ এন্ধাৰে আৱৰি ধৰিছিল । সাধাৰণ ৰাইজে সহজে ন্যায় লাভ কৰা নাছিল , চৰকাৰী আঁচনিৰ লাভ পাবলৈ সক্ষম হৈছিল কেৱল শাসকীয় দলৰ সমৰ্থক ৰাইজে । এতিয়া আঁচনি লাভ কৰে সম্পূৰ্ণ বেংকৰ যোগেদি সকলোৱে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে। চৰকাৰী ঘৰ পোৱাজন কোন দলৰ কেতিয়াও চোৱা নহয় , চৰকাৰী চাকৰি পোৱাজন চোৱা নহয় হিন্দু নে মুছলমান —যোগ্যতাৰ ভিত্তিত চাকৰি দিয়া হয় । এতিয়ালৈকে এক লাখতকৈ অধিক যুৱক-যুৱতীক সম্পূৰ্ণ স্বচ্ছভাৱে চাকৰি দিয়া হৈছে , ৩০ লাখতকৈ অধিক মহিলাক মাহিলী ১২৫০ টকাকৈ অৰুণোদয় আঁচনিৰ মাধ্যমত দিয়া হৈছে , ৩০ লাখ মহিলাক মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০০০০ কৈ টকা দিয়া হৈছে যাতে স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত কৰিব পাৰে, নিযুঁত মইনা আঁচনিৰ অধীনত দশম শ্ৰেণীৰ উত্তীৰ্ণ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ সুবিধাৰ্থে প্ৰতিমাহে ১০০০ টকাকৈ দিয়া হৈছে ।
বহুতেই অৰুণোদয় আঁচনিৰ সমালোচনা কৰি ক’ব খোজে যে ১২৫০ টকাত কিবা হয় নেকি , ঘৰ চলে নেকি , ইফালে বস্তুৰ দাম চৰকাৰে বঢ়াই আছে ! কিছুমানে এনেকৈও ক’ব খোঁজে যে এই আঁচনিয়ে ৰাজ্যৰ অৰ্থনীতি দুৰ্বল কৰি তুলিছে । যিসকলে মাহিলী লাখ টকা উপাৰ্জন কৰে ,যাৰ অগাধ সম্পত্তি আছে , তেওঁলোকৰ বাবে ১২৫০ টকা একোৱেই নহ’ব পাৰে , কিন্তু যেনে তেনে ঘৰ সংসাৰ চলাই থকা ঘৰৰ গৃহিণীসকলে অনুভৱ কৰে সেই যন্ত্ৰণা , যেতিয়া মাহৰ শেষত এক লিটাৰ মিঠাতেল কিনিবলৈ বেগত এটকাও বিচাৰি নেপায় , যেতিয়া খালী হৈ পৰি ৰোৱা চিলিণ্ডাৰটোত গেছ ভৰাব পৰা নেযায় অথবা বিদ্যুতৰ মাছুল দিব নোৱাৰাত ঘৰখন অন্ধকাৰত পৰি ৰয় বহু দিন …….. তেওঁলোকৰ বাবে ১২৫০ টকাটো এক অৰ্থনৈতিক সকাহ , এই আনন্দৰ পোহৰ ,এক নিৰাপত্তা। আৰুনো আমি চৰকাৰ কিয় বনাওঁ , এই দুখবোৰ , সমস্যাবোৰ নোহোৱা হ’বৰ বাবেই নহয় জানোঁ ? ১২৫০ টকাত ল’ৰা বা ছোৱালীজনীৰ বাবে এটা স্কুল বেগ পাব পাৰে , প্ৰতিমাহে ৫ খন বহী পাব পাৰে , খাবলৈ এটা হৰলিক্স কিনিব পাৰে , জাৰৰ দিনত এটা জেকেট কিনিব পাৰে , ল’ৰা বা ছোৱালীজনীক স্কুল যাওঁতে দিনে দহ টকাকৈ দি যাব পাৰে ……..
২০১৬ চনৰ আগলৈকে আমাৰ বহু ৰাস্তা-ঘাটৰ অৱস্থা কেনেকুৱা আছিল ,সেয়া নতুনকৈ ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই বোধহয় । আমাৰ গাৱঁৰ সমুখৰ ৰাস্তাটো এটা ৰাষ্ট্ৰীয় ঘাইপথ, কিন্তু তাৰ অৱস্থা ইমান বেয়া আছিল যে মাত্ৰ ১৫ কিলোমিটাৰ অতিক্ৰম কৰিবলৈ আপোনাৰ ৪৫ মিনিট পৰ্যন্ত সময় লৈছিল । গাঁৱৰ ভিতৰৰ ৰাস্তা সমূহৰ কথা নকলেও হ’ব । বিজেপি চৰকাৰে অসমত পৰিৱৰ্তন অনাৰ প্ৰতিশ্ৰুতি দিছিল । আজি শদিয়াৰ পৰা তিনিচুকীয়া যাবলৈ সময় লাগে মাত্ৰ ডেৰ ঘণ্টা ( পূৰ্বতে যেতিয়া দলং নাছিল ,আমি গৈ ঘূৰি আহিব নোৱাৰিছিলোঁ) । বিজেপি চৰকাৰৰ উন্নয়নৰ গতিবেগৰ কথা আপোনালোকে নিজৰ চকুৰেই দেখিছে । আগতে বগীবিল দলং আমি কিতাপত পঢ়ি থাকোতেই ১০-১২ বছৰ পাৰ হৈ গৈছিল , বিজেপি চৰকাৰৰ নেতৃত্বত ই ৩-৪ বছৰতেই সম্পূৰ্ণ কৰা হ’ল । ধলা-শদিয়া দলং , শৰাইঘাটৰ ওপৰৰ দ্বিতীয়খন দলং আৰু বহু দলং ,ৰাস্তা বিজেপি চৰকাৰে বনালে আৰু বনাই আছে । যোৰহাট -মাজুলি সংযোগী দলঙো হ’ব অতি সোনকালে । ৰেকৰ্ড দৈৰ্ঘ্যত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হৈ আছে , মেডিকেল কলেজ নিৰ্মাণ হৈ আছে , বিভিন্ন উদ্যোগ স্থাপন হৈছে , আই.আই.এম নিৰ্মাণ হৈ গ’ল । মনত ৰাখিব বিজেপি শাসনলৈ অহাৰ আগতে , স্বাধীনতাৰ ৭০ বছৰত অসমত মেডিকেল কলেজ স্থাপন হ’ল মাত্ৰ ৬ খন , কিন্তু বিজেপিৰ ১০ বছৰ সম্পূৰ্ণ হোৱাৰ আগতেই নতুনকৈ স্থাপন হ’ল আকৌ ৭ খনৰ , মুঠতে এতিয়া ১৩ খন হ’ল ।
সাম্প্ৰতিক সময়ত গভীৰভাৱে বিশ্লেষণ কৰিলে দেখিব , যে অসমৰ শক্তিশালী ভৱিষ্যত নিৰ্মাণৰ বাবে বিজেপিৰ বিকল্প নাই । আটাইতকৈ ডাঙৰ কথা যে আমি ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে এজন কৰ্মপটু, সুদক্ষ আৰু শক্তিশালী মুখ্যমন্ত্ৰী লাভ কৰিছোঁ , যি নিৰন্তৰ অসমৰ উন্নয়নৰ কথা ভাৱি থাকে , যাৰ স্বপ্নত আছে এখন বিকশিত অসমৰ সজীৱ প্ৰতিচ্ছবি। অসমৰ প্ৰতিজন খিলঞ্জীয়া, প্ৰতিজন থলগিৰী অসমীয়া কেৱল তেওঁৰ নেতৃত্বতেই সুৰক্ষিত হ’ব পাৰে ।
আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যু হ’ল ,যিটো আমাৰ এক অপূৰণীয় ক্ষতি। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জ্যেষ্ঠ ভাতৃৰ দৰে জুবিন গাৰ্গৰ প্ৰতি নিজৰ দায়িত্ব পালন কৰি আছে । জুবিন দাৰ মৃত্যুৰ ন্যায় প্ৰদানৰ কাৰণেই তৎক্ষণাত SIT গঠন কৰি ক্ষীপ্ৰতাৰে তদন্ত চলাবলৈ কোৱা হৈছে আৰু তদন্ত চলি আছে শক্তিশালীভাৱে , ৰাইজে সন্দেহ কৰা অভিযুক্তবোৰ আজিৰ কাৰাগাৰত বন্দী। অতি সোনকালে SIT এই অভিযোগনামা আদালতত দাখিল কৰিব । ন্যায়ালয়ে দোষীক শাস্তিৰ বিধান দিব অপৰাধ অনুসৰি । ন্যায়ৰ প্ৰক্ৰিয়া চলি থকাৰ পিছতো বিৰোধী দলসমূহৰ কিছুমান নেতাই #Justiceforzubeengarg কৈ কৈ ৰাজনীতি কৰাত ব্যস্ত । কোৱা হৈছে যে চৰকাৰে ৰাজনীতি কৰিছে , কিন্তু বেছিকৈ কোনে জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ২০২৬ ৰ নিৰ্বাচনৰ ৰাজনীতি কৰিছে , অসমৰ ৰাইজে দেখি আছে । বিজেপি চৰকাৰৰ দিনত যে অপৰাধী হৰি নেযায় , সেয়া আমি পাহৰি যাব নেলাগিব । আগতে নাবালিকাৰ সৈতে ধৰ্ষণ হ’লে চৰকাৰ অসহায় আছিল , কোনেও সঠিক ন্যায় পোৱা নাছিল , এতিয়া দোষীৰ সৈতে কি হয় সকলোৱে জানেইচোন !
বহুতে স্পষ্টভাৱে ভাবিছে যে এইবাৰ অসমৰ হীৰা , অসম গৌৰৱ জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বিজেপি চৰকাৰক দোষী সাব্যস্ত কৰি ,অসমৰ মানুহৰ বিশ্বাস বিজেপিৰ পৰা আঁতৰাই অনাত তেওঁলোক সক্ষম হ’ব । কিন্তু অসমৰ মানুহ ইমান অশিক্ষিত, ইমান অজ্ঞানী কেতিয়াও নাছিল আৰু নহয় । সকলো সাধাৰণ ৰাইজেই এই কথা জানে যে জুবিন দাৰ মৃত্যুৰ সঠিক তদন্ত চলি আছে আৰু সঠিক প্ৰক্ৰিয়াৰ মাজেৰে দোষীয়ে এদিন শাস্তি পাবই । ইতিমধ্যে অসমৰ ৰাইজে তেওঁলোকক শাস্তি দিছেই ! কাৰণ কোনো কালেই সেই অভিযুক্ত সকলক অসমৰ মানুহে ক্ষমা কৰিব নোৱাৰে । চৰকাৰৰ ফালৰ পৰা যিখিনি কৰ্তব্য, যিখিনি দায়িত্ব সেইখিনি ত্ৰুটিহীনভাৱে পালন কৰা হৈ আছে–সেয়া সকলোৱে দেখি আছে । বিৰোধী দলসমূহে , যিয়ে ২৬ ত চৰকাৰ গঢ়াৰ সপোন দেখিছে , তেওঁলোকে জুবিন গাৰ্গৰ নাম লৈ ৰাজনীতি কৰাতো উচিত নহয় বুলি আমি ভাবোঁ। বিজেপিক হৰুৱাবলৈ যদি কেৱল জুবিন গাৰ্গেই একমাত্ৰ ব্ৰক্ষ্মাস্ত্ৰ বুলি ভাবিছে , তেন্তে আমি এই কথাই ভাবিম যে আপোনালোকৰ অসমক লৈ , অসমৰ উন্নয়নক লৈ কোনো স্পষ্ট লক্ষ্য নাই , কোনো বাস্তৱসন্মত পৰিকল্পনা নাই ….। আজি কেৱল বিজেপিক হৰুৱাবলৈ বাবেই , ক্ষমতা লাভ কৰিবৰ বাবেই বিভিন্ন বিৰুধী দল একত্ৰিত হৈছে , সেয়া দুৰ্ভাগ্যজনক কথা । একত্ৰিত হ’ব লাগে দেশ ৰক্ষাৰ স্বাৰ্থত, একত্ৰিত হ’ব লাগে সমাজ আৰু দেশৰ দ্ৰুত উন্নয়নৰ স্বাৰ্থত , কিন্তু ইয়াত একত্ৰিত হৈছে কেৱল বিজেপিক নিৰ্বাচনত হৰুৱাৰ স্বাৰ্থত ।
আজীৱন জাতিয়তাবাদৰ প্ৰতিজ্ঞা কৰা , জাতিয়তাবাদৰ আদৰ্শৰ ভেটিত প্ৰতিষ্ঠা হোৱা আজি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই ক্ষমতাৰ স্বাৰ্থত ৰাষ্ট্ৰীয় শক্তি (যি শক্তি বাহিৰা শক্তিৰ দ্বাৰাও আক্ৰান্ত)ৰ লগত মিত্ৰতা কৰাত উঠিপৰি লাগিছে । অখিল গগৈ ডাঙৰীয়া ,যিয়ে বিজেপিক সাম্প্ৰদায়িক শক্তি বুলি চিঞৰি ফুৰে , যিয়ে এসময়ত কংগ্ৰেছৰ সৈতে কোনো কাৰণত মিত্ৰতা হ’ব নোৱাৰে বুলি কৈছিলে , আজি কংগ্ৰেছৰ আশীৰ্বাদ বিচাৰি হাবাথুৰি খাই ফুৰিছে। এইখিনিতে বিজেপিৰ সাম্প্ৰদায়িকতাবাদৰ প্ৰকৃত স্বৰূপটো অসমৰ ৰাইজক জনোৱাটো উচিত হ’ব ।
বিৰোধী দলসমূহে বিজেপি এক সাম্প্ৰদায়িক দল বুলি কৈ নিজকে ধৰ্মনিৰপেক্ষতাৰ পূজাৰী বুলি গৌৰৱ কৰিব বিচাৰে । বিজেপিৰ হিন্দুত্ববাদী আদৰ্শক হেয় প্ৰতিপন্ন কৰিব বিচাৰে । এই কথা মনত ৰখা দৰকাৰ , ধৰ্ম নিৰপেক্ষতা এক প্ৰকাৰ ভণ্ডামি মাত্ৰ । চৰকাৰ হিচাপে জাতি-ধৰ্ম নিৰ্বিশেষে সকলোকে সম অধিকাৰ ,সম মৰ্যাদা দিয়াটো এক ধৰণৰ বেলেগ কথা আৰু নিজকে ধৰ্ম নিৰপেক্ষ বুলি কোৱাটো এটা বেলেগ কথা । মই যেতিয়া এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, সকলোকে সম অধিকাৰ দিয়াটো মোৰ কৰ্তব্য আৰু সাংবিধানিক দায়িত্ব। কিন্তু ব্যক্তিগতভাৱে মই হিন্দু ধৰ্মক বিশ্বাস কৰাত কোনো ধৰণৰ দোষ হ’ব নোৱাৰে , নিজৰ ধৰ্মৰ চৰ্চা কৰাত কোনো বেয়া কথা হ’ব নোৱাৰে , নিজৰ ধৰ্ম-সংস্কৃতিৰ উন্নয়নৰ কাম কৰাটো কেতিয়াও অপৰাধ হ’ব নোৱাৰে । সকলোৱে জানে যে ভাৰত-পাকিস্তান বিভাজনৰ ভিত্তি আছিল -ধৰ্ম । ইছলাম ধৰ্মৰ বাবে এখন পৃথক দেশ লাগে বুলি জিন্নাই দাবী কৰা নাছিল জানো ? অৰ্থাৎ পাকিস্তান মুছলমান সকলৰ বাবে ইতিমধ্যে প্ৰদান কৰা হ’ল । তেওঁলোকৰ সংবিধানত ‘ধৰ্ম-নিৰপেক্ষ’ বুলি আছেনে ? যিহেতু ধৰ্মৰ ভিত্তিত পাকিস্তান মুছলমান সকলে লৈ ল’লে , হিন্দু সকলে ভাৰতবৰ্ষ লাভ কৰিলে । এতিয়া নিজৰ ঘৰখন আমি সজাই লোৱাৰ অধিকাৰ কি নেথাকিব ? হিন্দুৰ বাবে পৃথকৃকীত এই ভাৰতবৰ্ষত হিন্দুত্ববাদৰ আদৰ্শ নচলি কাৰ আদৰ্শ চলিব ? আপুনি ব্যক্তিগতভাৱে হয় হিন্দু ,নহয় মুছলমান , তাৰ মাজতটো বেলেগ এটা ‘ধৰ্ম-নিৰপেক্ষ’ বুলি ধৰ্ম নাই । আপুনি নিৰিশ্বৰবাদী হ’ব পাৰে , মানৱতাবাদী হ’ব পাৰে সেইটো বেলেগ কথা । সেইটো হ’বলৈ হ’লে আপুনি মন্দিৰ বা মছজিদ বিশ্বাস কৰিব নেলাগিব , হিন্দু বা মুছলমান কোনো পক্ষত থাকিব নোৱাৰিব , বা আপুনি কোনো কালেই হিন্দু-মুছলমান , ধৰ্ম-অধৰ্ম , ইশ্বৰ-আল্লাৰ কথা ক’ব নোৱাৰিব । এফালে আপুনি মন্দিৰত গৈ ঘৰৰ মংগল কামনা কৰি পূজা-সেৱা কৰিব আৰু সংবাদমেল পাতি নিজকে ধৰ্ম-নিৰপেক্ষ সজাব , এফালে হিন্দুত্ববাদক আক্ৰমণ কৰিব আৰু ঘৰত এটা শিৱ মন্দিৰ সাজিব—-এনে ভণ্ডামি সমাজৰ কাৰণে গভীৰ ক্ষতিকাৰক । বৰঞ্চ হিন্দুত্ববাদৰ মাজতেই লুকাই আছে প্ৰকৃতাৰ্থত মানৱতাবাদ , উদাৰতাবাদ , মৰম-স্নেহ , পাপ-পুণ্য ……যি ধৰ্মত প্ৰকৃতি , জীৱ-জন্তু সকলোকে পূজা কৰা হয় , যি ধৰ্মত কোৱা হয় ‘কুকুৰ শৃগাল গদৰ্ভৰো আত্মা ৰাম’ সেই ধৰ্মৰ সমান উদাৰ আৰু সহনশীল কি হ’ব পাৰে ? এনে এক মহান ধৰ্মক লৈ গৌৰৱ কৰিব নোৱাৰাটোৱে আমাক ভণ্ড বুলিহে পৰিচয় দিয়ে ।
সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই মাজুলিত ‘ৰাইজৰ পদুলিত ,ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক এক পদযাত্ৰা অভিযান আৰম্ভ কৰিছে ২৬ ৰ নিৰ্বাচনত ৰাইজৰ ভোট বিচাৰি । শুনিবলৈ খুব ভাল যদিও , অসমৰ ভৱিষ্যতৰ বাবে কংগ্ৰেছ জৰুৰী হয় নে নহয় –সেই কথা বহুতেই জানেই । সন্মানীয় গগৈ ডাঙৰীয়াই ভঙা ভঙা মাতেৰে ‘ অসমৰ ৰাইজৰ চাকৰি নাই , খোৱা পানী নাই , ভাল বাট-পথ নাই’ জাতীয় অপৰিপক্ক অভিযোগ লৈ সংবাদ মাধ্যমৰ আগত আস্ফালন কৰিলেও অসমৰ জ্ঞানী আৰু সতৰ্ক ৰাইজে জানে যে কোন চৰকাৰে অসমৰ কাৰণে অধিক কাম কৰিছে । বিজেপি চৰকাৰে যে নিৰ্বাচনৰ আগতে দিয়া বহু প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিছে , সেই কথা শব্দত নহয় , মানুহৰ দৃষ্টিত প্ৰতিভাত হৈ আছে । কোৱা হৈছিল এক লাখ চাকৰি দিব , কোৱা হৈছিল অৰুণোদয় আঁচনিৰ যোগেদি মহিলাসকলক মাহিলী টকা দিব , খিলঞ্জীয়াক ভূমিৰ পট্টা দিব , বাংলাদেশী আগ্ৰাসনৰ পৰা অসমক ৰক্ষা কৰিব —–সকলোখিনি কামেই কৰা হৈছে । কেৱল সেয়াই নহয় , মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে ২০২৬ ৰ নিৰ্বাচনত জয়ী হ’লে আকৌ ২ লাখ যুৱক-যুৱতীক চাকৰি দিব । এইবোৰ কামৰ কথা এবাৰৰ বাবেও আমি বিৰোধীৰ মুখত শুনা নেপাওঁ । উপায়হীন হৈ কেৱল অসম গৌৰৱ জুবিন গাৰ্গৰ নামেৰে ৰাজনীতি কৰাৰ আৰম্ভ কৰাত লাগি গৈছে । এয়া কংগ্ৰেছৰ কেৱল দুৰ্বলতাই নহয় , এক অক্ষমণীয় অপৰাধো ।
সন্মানীয় সাংসদ শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে , “ৰাইজক মজা দিয়া চৰকাৰক , ৰাইজে এইবাৰ মজা দিব” । কথাটো সঁচা , যিখন চৰকাৰে ৪০ লাখ মহিলাক অৰুণোদয় আঁচনি দিছে , ডেৰ লাখ যুৱক যুৱতীক সম্পূৰ্ণ মেধাৰ ভিত্তিত নিযুক্তি প্ৰদান কৰিছে , খিলঞ্জীয়াক ভূমিৰ অধিকাৰ প্ৰদান কৰিছে , মিঞাৰ আগ্ৰাসনৰ পৰা অসমক ৰক্ষা কৰাৰ কঠোৰ সংগ্ৰাম চলাইছে , অসম আন্দোলনৰ বীৰ শ্বহীদ সকলৰ স্মৃতিত অপূৰ্ব সুন্দৰ স্মাৰক নিৰ্মাণ কৰিছে , অসমৰ বাট-পথ উন্নয়ন কৰিছে , দলং বনাইছে , গুৱাহাটী এয়াৰপৰ্ট বনাইছে , নামৰূপ সাৰ কাৰখানাৰ পুনৰুদ্ধাৰ কৰিছে , আই.আই.এম বনাইছে , মেডিকেল কলেজ বনাইছে , বিশ্ববিদ্যালয় বনাইছে , বটদ্ৰৱা থানক সৌন্দৰ্যশালী কৰি পৰ্যটনৰ এক পবিত্ৰ ভূমিলৈ পৰিণত কৰিছে , চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতি দিয়াইছে , ছাত্ৰ-ছাত্ৰী সকলোকে স্কুটী প্ৰদান কৰিছে , নিযুঁত মইনা আঁচনিৰ যোগেদি ছাত্ৰী সকলক প্ৰতিমাহে পঢ়াৰ খৰছ প্ৰদান কৰিছে , চাকৰিয়াল সকলে সময়ত দৰমহা লাভ কৰিছে , অফিচত এতিয়া কোনো কামৰ বাবে ৰাইজে ঘোচ দিব লগা নহয় , কোনো পুলিচে সাধাৰণ ৰাইজক হাৰাশাস্তি নকৰে , চাৰিওফালে যোগাত্মক চিন্তাৰ তৰংগ বিয়পি পৰিছে ——গতিকে এনে এক প্ৰগতিশীল, জনতাৰ কথা চিন্তা কৰা আৰু কাম কৰা চৰকাৰক অসমৰ ৰাইজে মজা তথা আনন্দ নিদি কাক দিব ? যিখন চৰকাৰে ৭০ বছৰ ক্ষমতাত থাকিও অসমৰ উন্নয়নৰ নামত বিশেষ একো কৰিব নোৱাৰিলে , ২০১৪ চনৰ আগতে আধুনিক অসমত কিমান ৰাষ্ট্ৰীয় ঘাইপথ পকী আছিল সকলোৱে জানে , গাৱঁৰ ভিতৰৰ ৰাস্তা বোৰৰ কথা কোনে পাহৰিব , অফিচত সৰু কাম এটা কৰাবলৈ দিব লাগে হেজাৰ টকাৰ ঘোচ , চাকৰিৰ বাবে কোনো পৰীক্ষা নাছিল , যাৰ হাত দীঘল ,টকা-পইচা আছিল সিহঁতেহে চাকৰি পাইছিল —সেইখন চৰকাৰে নিজৰ পাপৰ কথা স্বীকাৰ কৰাৰ সাহস নকৰালৈকে অসমৰ ৰাইজে কি বুলি বিশ্বাস কৰিব ?
মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি যদি অসমক ইমান ভাল পাই , অসম যদী আপোনাৰ জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী, তেন্তে ২০২৪ চনৰ আগতে অসমত আপোনাক কিয় দেখা পোৱা নাছিলোঁ, আনকি আপোনাৰ সমষ্টিৰ মানুহৰ ওচৰত আপুনি আগতে সুলভ যে নাছিল কিয় ? ২৬ ৰ বাবেই এতিয়া অসমৰ ৰাইজৰ পদুলিলৈ আহিলে ৰাইজে আপোনাক বিশ্বাসত ল’বনে ? এটা প্ৰশ্নৰ উত্তৰ দিয়ক , নিজৰ জন্মভূমি ভাৰত বা অসমক ভালপোৱা কোনো ব্যক্তিয়ে নিজৰ সন্তানক বিদেশৰ নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰেনে ? ইয়াৰ অৰ্থ যে আপুনি নিজৰ ভাৰতবৰ্ষতকৈ বিদেশীক বেছি পছন্দ কৰে ! এদিন যে আপুনিও বিদেশলৈ নেযাবগৈ তাৰ কিবা গ্যেৰাণ্টি আছে নে ? যেতিয়া নিজৰ পৰিয়ালৰ সকলোৱেই বাহিৰৰ দেশৰ নাগৰিক , সকলোৱে বাহিৰতেই থাকে —জীৱনৰ এটা বয়সত আপুনি কি পৰিয়ালৰ ওচৰলৈ নেযাব ? এই ভাৰতবৰ্ষক প্ৰাণভৰি ভালপোৱা কোনো সন্তানে কিন্তু যিকোনো চৰ্তৰ বিনিময়ত নিজৰ দেশৰ নাগৰিকত্ব এৰিব নোৱাৰে , আত্মাই সেই অনুমতি নিদিয়ে কেতিয়াও ।
সেয়াই নহয় , আপুনি আমাৰ চিৰবৈৰী পাকিস্তানৰ সৈতে ব্যক্তিগত সম্পৰ্ক ৰক্ষা কৰাটো অক্ষমণীয় অপৰাধ । চৰকাৰী কামত বা দায়িত্ব লৈ আপুনি যাব পাৰে , ঘূৰিব পাৰে , কিন্তু পৃথিৱীৰ ইমানবোৰ দেশ থাকোতে নিজৰ শত্ৰু ৰাষ্ট্ৰলৈ ভ্ৰমণ কৰাৰ মন কিদৰে যাব পাৰে ভাবিলে আচৰিত লাগে। কাৰণ আমি সাধাৰণ মানুহ যদিও , কেতিয়াবা যদি ভাবোঁ বিদেশ ভ্ৰমণৰ কথা , আমি কেতিয়াও পাকিস্তানৰ কথা নেভাবোঁ। আমাৰ আত্মাই নকয় সেই কথা , কাৰণ যিখন দেশে আমাক সদায় বেয়া পায় , অহিত চিন্তা কৰে , সন্ত্ৰাসবাদী আক্ৰমণ কৰাই ,সেইখন দেশৰ সৈতে কোনো ধৰণৰ মোহ আমাৰ নেথাকে । কিন্তু আপোনাৰ সহধৰ্মিনী পত্নীয়ে পাকিস্তানৰ কোনো সংস্থাৰ হৈ কাম কৰি থাকিব , আৰু আপুনিও তাৰ বিৰোধিতা নকৰি নিজেও পাকিস্তান এবাৰ নহয় বহুবাৰ গোপনে ভ্ৰমণ কৰিব ,, সেয়া আমি সন্দেহ কৰিয়েই । অসমৰ ৰাইজে এনে এজন ব্যক্তিক অসমৰ মুখ্যমন্ত্ৰী পাতিব নে ,যিয়ে নিজৰ দেশতকৈ আনৰ দেশৰ নাগৰিকত্ব হ’বলৈ ভাল পায় , যিয়ে আমাৰ শত্ৰু ৰাষ্ট্ৰলৈ ভ্ৰমণ কৰি ভাল পায় ??? —–তাৰোপৰি অসমীয়া ভাষাটো ?
এনে বহু ব্যক্তি আছে যি বাহিৰত বহু বছৰ ধৰি কাম কৰি আছে , অথচ অসমীয়া ভাষাত কিতাপ পৰ্যন্ত লিখিব পাৰে , সাৱলীলভাৱে অসমীয়া ভাষাত কথা পাতিব পাৰে । আপুনি অসমীয়া ভাষাটোক গুৰুত্ব দিয়া হ’লে , ভালপোৱা হ’লে এজন অনা-অসমীয়া ব্যক্তিৰ দৰে আচহুৱা ধৰণে অসমীয়া নকলেহেঁতেন । আপুনি নিজেই অসমীয়া নকয় ভালদৰে , অসমৰ মুখ্যমন্ত্ৰী হৈ অসমীয়া ভাষাৰ বাবে কি কৰিব পাৰিব ?
অসমৰ ৰাইজে উন্নয়ন বিচাৰে , এক যোগাত্মক জীৱন-দৰ্শন বিচাৰে , হাঁহিৰে জীয়াই থাকিব বিচাৰে —-বিজেপি চৰকাৰে অসমৰ মানুহৰ জীৱনৰ উন্নয়নৰ কাৰণেই কাম কৰি আছে । সম্পূৰ্ণ দুৰ্নীতিহীনভাৱে চৰকাৰ পৰিচালনা কৰাত সক্ষম হৈছে বিজেপি চৰকাৰ । বহুতেই ক’ব খোজে যে বিজেপি চৰকাৰে ধাৰ লৈ লৈ অসমখন ধাৰত পোটি পেলাইছে । ধাৰ কোনে লয় আৰু কিয় লয় —–যাৰ উপাৰ্জনৰ পথ থাকে আৰু যি অধিক কাম কৰিব বিচাৰে তেওঁ ধাৰ ল’ব লগা হয় । আম্বানী-আডানীও ধাৰ লয় , পৃথিৱীৰ সকলো দেশেই ধাৰ লয় , ধাৰ নোলোৱাকৈ চলিব পাৰি , দ্ৰুত বিকাশ আনিব নোৱাৰি । অসমে ধাৰ লৈছে অসমৰ উন্নয়নৰ বাবে , তাত আনন্দ পাবৰ কথা । মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ ঘৰ সাজিবৰ বাবে ধাৰ লৈছে নেকি ? কংগ্ৰেছৰ দিনত ধাৰ লোৱা হৈছিল ,কিন্তু উন্নয়ন নহৈছিল –পাৰ্থক্য সেইখিনিতেই । এইখন চৰকাৰৰ বাবেই আজি অসমলৈ বিনিয়োগ আহিছে , উদ্যোগ স্থাপন হৈছে –যিয়ে অসমৰ নিবনুৱা সমস্যা কিছু দূৰ কৰাত সহায় কৰিব , অসমৰ অৰ্থনীতি টনকিয়াল কৰিব। অসমৰ উন্নয়নৰ কাৰণে দ্ৰুত উদ্যোগিকৰণৰ বিকল্প নাই । এইখন বিজেপি চৰকাৰে অসমৰ দ্ৰুত উন্নয়নৰ কাৰণে হেজাৰ বাধাৰ অতিক্ৰম কৰিও আগবাঢ়ি গৈছে , হেজাৰ সমালোচনাকো অগ্ৰাহ্য কৰি অসমৰ ৰাইজৰ কাৰণে আঁচনি আগবঢ়াইছে , অসমৰ সৰ্বাংগীন বিকাশৰ বাবে ঈগলৰ দৰে দৃষ্টি স্থীৰ কৰি আগবাঢ়িছে । কাৰণ এইখন চৰকাৰৰ বাবে ৰাষ্ট্ৰ সৰ্বপ্ৰথম , এইখন চৰকাৰৰ বাবে জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী, এই অসমৰ উন্নয়ন মানে দেশৰ উন্নয়ন , অসমৰ ৰাইজৰ সুখী মানে দেশৰ ৰাইজ সুখী । বিজেপিৰ ৰাষ্ট্ৰীয়তাবাদৰ মাজতেই আছে প্ৰকৃতাৰ্থত জাতীয়তাবাদৰ চিন্তাধাৰা , কাৰণ জাতীয় স্বাধীনতা, জাতীয় বিকাশৰ অবিহনে কোনো ৰাষ্ট্ৰীয়তাবাদ সফল হ’ব নোৱাৰে । সেইবাবেই আজি বিজেপিক সকলোৱে ভাল পায় , সকলোৱে সমস্বৰে বিজেপিৰ জয়গান গায় …..
অনন্ত কাললৈকে বিজেপি হৈ ৰ’ব এই জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী ভাৰতবৰ্ষৰ সেৱক আৰু ৰক্ষক । জয় মা ভাৰতী ,জয় আই অসমী ,জয় ভাৰতীয় জনতা পাৰ্টি।