প্ৰকৃতাৰ্থত চৰিত্ৰশীল , মহান ব্যক্তি সেইজন , যিজনৰ চিন্তা , কথা আৰু কামৰ মাজত কোনো ধৰণৰ পৰস্পৰ বিৰোধী বৈসাদৃশ্য নেথাকে । তেওঁ যি চিন্তা কৰে ,সেয়া তেওঁৰ বাক্যত প্ৰকাশ হয় অথবা প্ৰকাশ হয় তেওঁৰ বিভিন্ন কৰ্মত । দুৰ্ভাগ্যবশতঃ আজিকালি তেনে অৰ্থত চৰিত্ৰ শালী , ভাল মানুহৰ
সংখ্যা কমি আহিছে । আমাৰ দৰে এজন সাধাৰণ মানুহৰ তেনে গুণ নেথাকিলেও সমাজৰ একো ক্ষতি নহয় , কিন্তু বৃহত্তৰ সমাজক প্ৰতিনিধিত্ব কৰা একোজন ৰাজনৈতিক নেতাৰ ক্ষেত্ৰত এটা শক্তিশালী, নিকা চৰিত্ৰৰ অত্যন্ত আৱশ্যক । কাৰণ তেওঁ বহুতৰ বাবে আদৰ্শ হৈ পৰে , অনুকৰণীয় হৈ পৰে । বৰ্তমান অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত কেইজনমান এনেকুৱা ৰাজনৈতিক নেতা আমি দেখা পাইছোঁ ,যাৰ চিন্তা , কথা আৰু কামৰ মাজত বেছিভাগ ক্ষেত্ৰতেই মিল নাই । তেওঁলোকে নিজকে ‘জাতয়তাবাদী’ বুলি নিজকে পৰিচয় দিয়ে , অসমৰ আৰু অসমীয়া জাতিৰ সুন্দৰ ভৱিষ্যতৰ থকা কয় , কিন্তু আনফালে দেখিব যে অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি অনা সেই অবৈধ অনুপ্ৰবেশকাৰী বাংলাদেশী মিঞা মুছলমানৰ কাষত গৈ , সাবটি ধৰি ,চুমা খাই অসমৰ খিলঞ্জীয়াৰ মাটিকেই পুনৰ দখল কৰাৰ হুংকাৰ দিব । এফালে বিজেপি চৰকাৰক ওফৰাই অসমত নতুন দিনৰ সূচনাৰ কথা ক’ব , গণতন্ত্ৰৰ ৰক্ষাৰ কথা ক’ব , সংবিধান ৰক্ষাৰ কথা ক’ব , আনফালে তেওঁ নায়কৰ ভূমিকাৰে অৱতীৰ্ণ হৈ ক’ব , “ আমি যুঁজিম কেৱল ধৰ্মীয় সংখ্যালঘুৰ অধিকাৰৰ কাৰণে , উচ্ছেদিত মিনাৰ মুছলমানক পুনৰ সংস্থাপনৰ বাবে ।” এফালে অসমৰ মুখ্যমন্ত্ৰী হৈ অসমৰ কল্যাণৰ স্বপ্ন দেখুৱাব , আনফালে ভাৰতীয় নাগৰিক হ’বলৈ বেয়া পাই ‘ ব্ৰিটিছ নাগৰিকত্ব’ দিব নিজৰ পৰিয়ালৰ প্ৰত্যেককে । আপুনিয়েই কওকচোন , নিজৰ দেশক প্ৰাণভৰি ভালপোৱা কোনো নাগৰিকে বিদেশী ৰাষ্ট্ৰৰ নাগৰিক হোৱাৰ গৌৰৱ অনুভৱ কৰিব পাৰে নে ? নিজৰ দেশক তথা ভাৰতবৰ্ষক অন্তৰেৰে ভালপোৱা কোনোবা ব্যক্তিয়ে শত্ৰু ৰাষ্ট্ৰ পাকিস্তানলৈ ফুৰিব যাব পাৰেনে ? নিজৰ দেশক লৈ গৌৰৱ কৰা কোনো অন্য গৌৰৱ গগৈয়ে পাকিস্তানে ভাৰতৰ কেইখন ৰাফেল ধ্বংস কৰিলে সেইটো জানিবলৈ বিচাৰি নিজৰ দেশক দুৰ্বল প্ৰমাণ কৰিব পাৰে নে ? জাতিয়াতাবাদৰ কঠিয়াতলিত নিজকে ৰাজনৈতিক নেতা হিচাপে উত্তৰণ ঘটোৱা নেতাই অবৈধ অনুপ্ৰবেশকাৰীৰ উচ্ছেদ প্ৰক্ৰিয়াৰ মাজত বিজেপিৰ সাম্প্ৰদায়িকতাবাদৰ গোন্ধ পাই ! বিদেশী বিতাড়নৰ বাবে যি অসম আন্দোলন হ’ল , যি আন্দোলনত ৮৫৫ জন তৰুণ অসমীয়াই প্ৰাণ আহুতি দিলে , সেই আন্দোলনক ,সেই মহান স্বহীদক অপমানিত কৰি
কেৱল ভোটৰ স্বাৰ্থত বিদেশীৰ তুষ্টিকৰণ কৰা কাৰ্যক সচেতন অসমীয়া জনতাই কেতিয়াও গ্ৰহণ নকৰে ।
মই পূৰ্বৰ এটা লেখাত লিখিছিলোঁ যে অবৈধ বাংলাদেশী মিঞা মুছলমানৰ আগ্ৰাসনে প্ৰাণনাশী কেঞ্চাৰৰ দৰে অসমৰ জাতি ,মাটি ধ্বংস কৰি পেলাব । ইতিমধ্যে আমাৰ হাতৰ পৰা নামনি অসম গুচি গৈছে , অৰ্থাৎ তাত এতিয়া মিঞা সংখ্যালঘু হৈ থকা নাই । অসমৰ খিলঞ্জীয়া ৰাইজে এতিয়াই সতৰ্ক হ’ব লাগিব । আমি আমাৰ জাতিৰ প্ৰকৃত শত্ৰুক চিনি পাব লাগিব।
বিশেষকৈ অসমীয়া খিলঞ্জীয়া ৰাইজৰ চকুত এতিয়া উন্মোচিত হৈ পৰিছে সেই চৰিত্ৰবোৰ , যিবোৰক আমি আমাৰ ভৱিষ্যতৰ পৰিত্ৰাতা বুলি হয়তো ভবাৰ আৰম্ভ কৰিছিলোঁ , যিসকলৰ ওচৰত আমি সুৰক্ষিত হ’ম বুলি ভাবি আছিলোঁ! এটা কথা নিশ্চিত যে যদিহে আমি আজিয়েই শক্তিশালীভাৱে এই অপশক্তিৰ বিৰুদ্ধে যুঁজ নকৰোঁ ,যদিহে আমি এই উন্মোচিত চৰিত্ৰবোৰক গণতান্ত্ৰিকভাৱে বহিস্কাৰ নকৰোঁ ২০২৬ ৰ বিধানসভা নিৰ্বাচনত,তেন্তে অনাগত ভৱিষ্যতত ‘মিঞালেণ্ড’ ৰ প্ৰসংগও মিছা নহ’ব । জাতিৰ স্বাৰ্থত কৈছোঁ , আগন্তুক নিৰ্বাচনত আমি যদি ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ নিদিওঁ , যদি আমাৰ ভোটৰূপী দিব্যাস্ত্ৰ প্ৰদান নকৰোঁ তেওঁক ,তেন্তে ইতিহাসৰ পাতত আমাৰ নাম লিখা থাকিব জাতিৰ গাড্ডাৰ হিচাপে । কাৰণ এইবাৰ নিৰ্বাচন এখন মহাযুদ্ধ । এয়া আমাৰ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ শেষ যুদ্ধ হ’ব । এই যুদ্ধত আমি জয়ী হ’বলৈ, এই যুদ্ধত জয়ী হৈ স্বাভিমানী অসমীয়া হিচাপে জীয়াই থাকিবলৈ আমি এইবাৰ পুনৰ সেনাপতিৰ দায়িত্ব অৰ্পণ কৰিব লাগিব মুখ্যমন্ত্ৰী ৰূপেৰে ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ।