মোক জনপ্ৰতিনিধি হিচাপে শ্ৰদ্ধাৰ শদিয়া বাসী ৰাইজে পঞ্চমবাৰলৈ নিৰ্বাচিত কৰিছে । মই চিৰদিন শদিয়া বাসীৰ ওচৰত কৃতজ্ঞ। বিধায়ক হিচাপে যিখিনি মোৰ কৰ্তব্য,যিখিনি সম্ভৱ নিষ্ঠা আৰু সততাৰে পালন কৰি যাম । কিন্তু মই গভীৰভাৱে বিশ্বাস কৰোঁ যে নতুন শদিয়া নিৰ্মাণ কেৱল চৰকাৰৰ দ্বাৰা সম্ভৱ নহয় , ৰাইজৰ সম্পূৰ্ণ সহযোগিতা লাগিব । সদৌ শদিয়াবাসী ৰাইজক বিনম্ৰ অনুৰোধ জনালোঁ যে শদিয়াৰ উন্নয়নৰ স্বাৰ্থত আমাক যেন সদায় সহযোগ কৰে ।
