আজিৰ সময়ত সহস্ৰজনৰ বাবে এবাৰেই ৰাইজৰ আশীৰ্বাদ লাভ কৰাটো সহজ নহয় , তেনে স্থলত গভীৰ প্ৰত্যাহ্বানক অতিক্ৰম কৰি মাত্ৰ এবাৰ নহয় , দুবাৰ নহয় ,তিনিবাৰ নহয় ; সৰ্বমুঠ পাঁচবাৰকৈ বিধান সভাৰ নিৰ্বাচনত বিপুল সংখ্যক ভোটত জয়যুক্ত হোৱা আমাৰ ৮১ নং শদিয়া বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰীযুত বলিন চেতিয়া । ইয়াৰ পৰা এই কথাই প্ৰমাণ হয় যে গণতান্ত্ৰিক দেশত একাধাৰে পাঁচবাৰকৈ নিৰ্বাচনত জয়ী হোৱাৰ একমাত্ৰ কাৰণটো হ’ল তেওঁ আগবঢ়োৱা ৰাইজৰ প্ৰতি সেৱা আৰু সমষ্টিৰ উন্নয়ন । কাৰণ এই কথা চিৰন্তন সত্য যে কেৱলমাত্ৰ ৰাজনীতি কৰিয়েই কেতিয়াও পাঁচবাৰকৈ একেৰাহে নিৰ্বাচনত জয়ী হোৱাটো সম্ভৱ নহয় , ৰাইজৰ প্ৰতি , সমষ্টিৰ উন্নয়নৰ প্ৰতি নিশ্চিতভাৱে বৃহৎ অৱদান থাকিব লাগিব। ২০২১ চনত অসমে লাভ কৰে এজন কৰ্মদক্ষ , সুযোগ্য আৰু অক্লান্ত মুখ্যমন্ত্ৰী, যাৰ সবল আৰু দূৰদৰ্শী নেতৃত্বত অসমৰ চাৰিওফালে উন্নয়নৰ জোৱাৰ অহা আমি দেখিবলৈ পাওঁ। ————-Manab Jyoti Gogoi

এনি-তেনি ঘূৰি ফুৰি ৰাইজৰ সুখ-দুখৰ খবৰ ৰখা মানুহজনেই হ’ল আমাৰ মৰমৰ বিধায়ক শ্ৰীযুত বলিন চেতিয়া ডাঙৰীয়া । ওচৰৰ পৰা পালে দেখিব যে নিভাঁজ হৃদয়ৰ এজন মানৱদৰদী ব্যক্তি—যি প্ৰতিটো মুহূৰ্ততে ৰাইজৰ কাষত থাকি ভাল পায় । মানুহৰ সৰু সৰু বহু সমস্যা তেওঁ সমাধান কৰি ভাল পায় । সহায় বিচৰা জনক কেতিয়াও নিৰাশ নকৰা ব্যক্তি তেওঁ……তেওঁ আমাৰ মৰমৰ বিধায়ক শ্ৰীযুত বলিন চেতিয়া………… Bipul Khanikar


  শদিয়াৰ ৮০% গাৱঁৰ ৰাস্তা-ঘাট পকীকৰণ হৈছে আমাৰ সন্মানীয় বিধায়ক শ্ৰীযুত বলিন চেতিয়া দেৱৰ সবল নেতৃত্বত। চৰকাৰী সকলো আঁচনিৰ সুফল যোগ্যজনে লাভ কৰিছে । গাঁৱে গাঁৱে মহিলাসকলে অৰুণোদয় , উদ্যমিতাৰ দৰে আলোক সন্ধানী আঁচনিৰ বৃহৎ সুফল লাভ কৰিছে । বেছিভাগ গাঁৱতেই এতিয়া ৰাইজে চৰকাৰী আৱাস গৃহ লাভ কৰিছে । এয়া সম্ভৱ হৈছে ভাৰতীয় জনতা পাৰ্টিৰ গণমূখী আদৰ্শ, মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্ব আৰু মাননীয় বিধায়ক শ্ৰীযুত বলিন চেতিয়া দেৱৰ দৃঢ় প্ৰচেষ্টা আৰু পৰিশ্ৰমৰ ফলত । শদিয়াৰ আটাইতকৈ জনপ্ৰিয় আৰু সৰ্বশ্ৰেষ্ঠ বিধায়ক জনেই হৈছে আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত বলিন চেতিয়া দেৱ ।——–Vishnu Baruah


শদিয়াৰ বুঢ়া-বুঢ়ী শাল অসম বিখ্যাত । ঐতিহ্যমণ্ডিত এই পবিত্ৰ শক্তিপীঠৰ আন্ত:গাঠনি উন্নয়নৰ কাৰণে অসম চৰকাৰে যি ৯ কোটি টকা অনুমোদন জনাইছে , তাৰ আঁৰৰ ব্যক্তিজনেই হৈছে নতুন শদিয়াৰ স্ৰষ্টা, শদিয়াৰ অভিভাৱক আমাৰ মৰমৰ বিধায়ক শ্ৰীযুত বলিন চেতিয়া ডাঙৰীয়া। তেওঁ শদিয়াৰ উন্নয়নৰ কাৰণে যি পৰিশ্ৰম কৰিছে , যিদৰে সমৰ্পণ কৰিছে শদিয়া আৰু শদিয়াবাসীৰ উন্নয়নৰ বাবে —–সিয়ে যুগান্তৰলৈ তেওঁক অমৃত কৰি ৰাখিব । ————-Mulyonath Gogoi


Scroll to Top