দুৰ্লভ গণ আশীৰ্বাদ আৰু এজন দশক বিজয়ী বিধায়ক

  আজিৰ সময়ত সহস্ৰজনৰ বাবে এবাৰেই ৰাইজৰ আশীৰ্বাদ লাভ কৰাটো সহজ নহয় , তেনে স্থলত গভীৰ প্ৰত্যাহ্বানক অতিক্ৰম কৰি মাত্ৰ এবাৰ নহয় , দুবাৰ নহয় ,তিনিবাৰ নহয় ; সৰ্বমুঠ পাঁচবাৰকৈ বিধান সভাৰ নিৰ্বাচনত বিপুল সংখ্যক ভোটত জয়যুক্ত হোৱা আমাৰ ৮১ নং শদিয়া বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰীযুত বলিন চেতিয়া । ইয়াৰ পৰা এই কথাই প্ৰমাণ হয় যে গণতান্ত্ৰিক দেশত একাধাৰে পাঁচবাৰকৈ নিৰ্বাচনত জয়ী হোৱাৰ একমাত্ৰ কাৰণটো হ’ল তেওঁ আগবঢ়োৱা ৰাইজৰ প্ৰতি সেৱা আৰু সমষ্টিৰ উন্নয়ন । কাৰণ এই কথা চিৰন্তন সত্য যে কেৱলমাত্ৰ ৰাজনীতি কৰিয়েই কেতিয়াও পাঁচবাৰকৈ একেৰাহে নিৰ্বাচনত জয়ী হোৱাটো সম্ভৱ নহয় , ৰাইজৰ প্ৰতি , সমষ্টিৰ উন্নয়নৰ প্ৰতি নিশ্চিতভাৱে বৃহৎ অৱদান থাকিব লাগিব। ২০২১ চনত অসমে লাভ কৰে এজন কৰ্মদক্ষ , সুযোগ্য আৰু অক্লান্ত মুখ্যমন্ত্ৰী, যাৰ সবল আৰু দূৰদৰ্শী নেতৃত্বত অসমৰ চাৰিওফালে উন্নয়নৰ জোৱাৰ অহা আমি দেখিবলৈ পাওঁ।

এনি-তেনি ঘূৰি ফুৰি ৰাইজৰ সুখ-দুখৰ খবৰ ৰখা মানুহজনেই হ’ল আমাৰ মৰমৰ বিধায়ক শ্ৰীযুত বলিন চেতিয়া ডাঙৰীয়া । ওচৰৰ পৰা পালে দেখিব যে নিভাঁজ হৃদয়ৰ এজন মানৱদৰদী ব্যক্তি—যি প্ৰতিটো মুহূৰ্ততে ৰাইজৰ কাষত থাকি ভাল পায় । মানুহৰ সৰু সৰু বহু সমস্যা তেওঁ সমাধান কৰি ভাল পায় । সহায় বিচৰা জনক কেতিয়াও নিৰাশ নকৰা ব্যক্তি তেওঁ……

তেওঁ আমাৰ মৰমৰ বিধায়ক শ্ৰীযুত বলিন চেতিয়া……

Scroll to Top