মহিলাৰ জীৱনৰ অন্ধকাৰত অৰুণোদয়

   ১২৫০ টকা । কিছুমানে ক’ব খোঁজে যে ইমান কম টকাৰে চৰকাৰে মহিলাসকলৰ অপমান কৰিছে , মূল্যবৃদ্ধিৰ তুলনাত এয়া একোৱেই নহয় । এইখিনিতে এটা কথা আমি জনাটো দৰকাৰ যে চৰকাৰে ১২৫০ টকাৰে কোনো দৰমহা বা উপাৰ্জন হিচাপে ৪০ লাখ মহিলাক দিয়া নাই , চৰকাৰে এয়া দিছে এক অৰ্থনৈতিক সকাহ হিচাপে যাতে একেবাৰে দৰিদ্ৰ পৰিয়ালৰ মহিলাই প্ৰতিমাহে পাকঘৰৰ কিছুমান সামগ্ৰী যোগাৰ কৰিব পাৰে । যিসকলে ইয়াৰ সমালোচনা কৰিছে , তেওঁলোক ধনী মানুহ , গতিকে ১২৫০ টকা লাভ কৰাৰ আনন্দ অনুভৱ কৰিব নোৱাৰিব । কিন্তু যেতিয়া এটা পৰিয়ালৰ মাহিলী উপাৰ্জন বুলিবলৈ বিশেষ একো নাই, বহু কষ্ট কৰি জীৱন নিৰ্বাহ কৰি আছে , তেওঁৰ বাবে ১২৫০ টকা কৃষকে বহুদিন বাট চাই থকা এজাক বৰষুণৰ দৰে এক আনন্দৰ প্ৰাপ্তি । কাৰণ সেই টকাৰে তেওঁ জুইৰ পৰিৱৰ্তে গেছ ব্যৱহাৰ কৰিব পৰা হৈছে , প্ৰতিমাহে এসাঁজ ভাত মাছ-মাংসৰে খাব পৰা হৈছে , সন্তানৰ বাবে দুখন বহী , এটা বেগ কিনিব পাৰিছে ….

  এগৰাকী স্বামীহাৰা মহিলাৰ কাৰণে এয়া এক বৰদানৰ দৰে । অন্ততঃ তেওঁ নিজৰ একমাত্ৰ সন্তানৰ কাৰণে প্ৰতিমাহে এটা হৰলিক্স, ৫ লিটাৰ গাখীৰ অথবা এটা পেণ্ট বা চাৰ্টৰ যোগান ধৰিব পাৰিছে । অন্ততঃ ল’ৰা বা ছোৱালীজনীৰ কাৰণে গৰমৰ দিনত পঢ়িব পৰাকৈ এখন ফেনৰ ব্যৱস্থা কৰিব পৰা হৈছে …….

  বহুতৰ বাবে এয়া সৰু কথা যেন লাগিব পাৰে , কিন্তু এগৰাকী দৰিদ্ৰ মহিলাই অনুভৱ কৰিব পাৰে যে কেতিয়াবা ৫০ টকাৰ কাৰণে কিমান ভাবিব লগা হয় …..

গতিকে অৰুণোদয় আঁচনিৰ বিৰোধিতা কৰা মানে ৪০ লাখ মহিলাৰ মুখৰ হাঁহি বন্ধ কৰিবলৈ যত্ন কৰা , ৪০ লাখ মহিলাৰ ওচৰত অন্যায় কৰা ।

   শদিয়াৰ বহু হেজাৰ মহিলাই অৰুণোদয় লাভ কৰে । 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top