জনতাৰ হৃদয়ৰ স্পন্দন হ’বৰ বাবে এজন ৰাজনেতাৰ চৰিত্ৰত যিখিনি গুণৰ প্ৰয়োজন , সেইখিনি সন্মানীয় বিধায়ক শ্ৰীযুত বলিন চেতিয়া দেৱে প্ৰতিটো কাৰ্যকালতেই ক্ৰমশঃ বৃদ্ধি কৰাত সক্ষম হৈছে । সাধাৰণতে আমি যি দেখা পাওঁ যে একাধিকবাৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছত বহুতো মন্ত্ৰী-বিধায়কে জনগণৰ আঁতৰি গৈ ক্ৰমাৎ অহংকাৰী আৰু মদগৰ্বী হৈ পৰে , কিন্তু আমাৰ বিধায়ক মহোদয় এই প্ৰৱণতাৰ সম্পূৰ্ণ বিপৰীত । এবাৰ নহয় , দুবাৰ নহয় একেৰাহে পাঁচবাৰকৈ বিপুল ভোটত জয়ী হোৱাৰ পিছতো অহংকাৰী হোৱাৰ পৰিৱৰ্তে অধিক নম্ৰ, শান্ত আৰু অক্লান্ত পৰিশ্ৰমী হোৱা আমি দেখিবলৈ পাইছোঁ । আমাৰ দৰে সাধাৰণ মানুহৰ সুখ অথবা দুখ যিকোনো সময়ত তেওঁ কাষত থিয় হ’বলৈ চেষ্টা কৰা আমি দেখিছোঁ –যিয়ে তেওঁক অধিক জনপ্ৰিয় কৰি তুলিছে । আটাইতকৈ ডাঙৰ কথা হ’ল তেওঁ আৰু এতিয়া নিজৰ নাম-খ্যাতি-ক্ষমতা-ঐশ্বৰ্যৰ কাৰণে ৰাজনীতি কৰিব নিবিচাৰে , কাৰণ ঈশ্বৰে ইতিমধ্যে সকলোখিনি তেওঁক দিছে । এতিয়া তেওঁৰ বাবে ৰাজনীতি কেৱল এক ৰাইজৰ প্ৰতি সেৱাৰ মাধ্যম । এবাৰ আমাৰ মাহতেঁ তেওঁৰ ওচৰলৈ গুৱাহাটী ফুৰিবলৈ যাবলৈ কিছু আৰ্থিক সহায় বিচাৰি গৈছিল , তেওঁ সকলোকে ৫০০০ টকাৰে বিনাপ্ৰশ্নে সহায় আগবঢ়াইছিল । তেওঁ তেনেকৈ কিমানক যে সহায় কৰিছে তাৰ হিচাপ এই মুহূৰ্তত মোৰ ওচৰত নাই । কোনোবাই যদি বেমাৰৰ চিকিৎসাৰ বাবে সহায় বিচাৰি গৈছে , তেওঁ দাতা কৰ্ণৰ দৰে যি সম্ভৱ সদায় সহায় কৰি আহিছে । কাৰোবাৰ বিয়া হৈছে ,দহা-কাজ হৈছে , তেওঁৰ ওচৰত সহায় বিচাৰি গ’লেই কেতিয়াও আপোনাক শুদা হাতে ঘূৰাই নপঠিয়াই। নিৰন্তৰ এনেদৰে জনতাৰ সেৱাৰ বাবে উছৰ্গা কৰি তেওঁ এজন প্ৰকৃতাৰ্থত জননেতা হোৱাৰ যোগ্যতা অৰ্জন কৰিছে । আৰু তাৰেই ফলশ্ৰুতিত তেওঁ পাঁচ বাৰকৈ শদিয়াৰ বিধায়কৰ দায়িত্ব লাভ কৰিবলৈ সক্ষম হৈছে ।
