বিজেপিৰ শৰীৰত মাথোঁ লাচিতৰ তেজ

আমি ইতিহাস প্ৰসিদ্ধ শৰাইঘাটৰ ৰণৰ কথা জানোঁ। কিদৰে আহোমৰ বীৰ সেনাপতি লাচিত বৰফুকনে নৰীয়া গাৰেই মোগলৰ বিৰুদ্ধে যুঁজি অসমক ৰক্ষা কৰিছিল , কিদৰে একে ৰাতিৰ ভিতৰতে গড় বান্ধি মোগলৰ আগমনক বাধা দিছিল —এই কাহিনী আমি সকলোৱে গৌৰৱে সোঁৱৰো । 

    যি দ্ৰুততা , যি অদম্যতাৰে লাচিত বৰফুকনে আই অসমীক ৰক্ষাৰ বাবে কাম কৰিছিল , সেই দ্ৰুততা , সেই অদম্যতা আৰু দেশপ্ৰেম আমি দেখা পাওঁ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত। কেন্দ্ৰত আজি আদৰণীয় শ্ৰীমান নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত বিজেপি চৰকাৰ আৰু আমাৰ অসমতো মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিজেপি চৰকাৰ। অৰ্থাৎ ডাব’’ল ইঞ্জিন চৰকাৰ। আমি দেখিছোঁ আজি সমগ্ৰ ভাৰতৰ লগতে আমাৰ অসমৰ আন্ত:গাঠনিৰ দ্ৰুত উন্নয়ন হৈছে , প্ৰতি ঘণ্টাত ৰাষ্টা-ঘাট-দলং নিৰ্মাণ হৈ আছে , শত্ৰুৰ হাতৰ পৰা দেশ ৰক্ষাৰ বাবে বিজুলী গতিত প্ৰতিৰক্ষা আন্ত:গাঠনি শক্তিশালী হৈছে । আজি ভাৰতে বিভিন্ন ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ’বলৈ অবিৰত প্ৰচেষ্টা লৈছে , ভাৰতে আজি নিজৰ কৰ্ম শক্তিৰে বিশ্বদৰবাৰত নিজৰ নাম উজ্বলাব লৈ সক্ষম হৈছে । লাচিতৰ দৰে বিজেপি চৰকাৰে আজি বিদেশী শত্ৰুৰ সৈতে যুঁজিবলৈ প্ৰতি নিয়ত প্ৰস্তুতি চলাই আছে , অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰিছে , নতুন নতুন প্ৰতিৰক্ষাৰ প্ৰযুক্তি নিৰ্মাণ কৰিছে —যাৰ ফলত আজি শত্ৰুৱে ভাৰতক আক্ৰমন কৰাৰ আগতে দহবাৰ ভাবিবলৈ বাধ্য হৈ পৰিছে । 

   আজিও ভাৰতত বিদেশীৰ আগ্ৰাসন চলি আছে । বাংলাদেশী মিঞাৰ অবৈধ অনুপ্ৰৱেশৰ ফলত ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰো জনগাঁথনি ব্যাপক পৰিৱৰ্তন ঘটিছে । এখন এখনকৈ অসমৰ জিলা আজি বিদেশী মিঞাৰ অধীনত । এই অবৈধ অনুপ্ৰৱেশকাৰী বাংলাদেশীৰ বিৰুদ্ধে অহৰহ যুদ্ধ কৰিছে আজিৰ লাচিতৰূপী আমাৰ বিজেপি চৰকাৰে । ভোট বেংকৰ কথা চিন্তা নকৰি দেশক সৰ্বোপৰি বুলি মানি অহা বিজেপি চৰকাৰে আজি বুলডজাৰেৰে লাখ লাখ বিঘা মাটি বিদেশী দখলৰ পৰা মুক্ত কৰিছে । আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি শক্তিশালীভাৱে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে মহা সংগ্ৰাম অব্যাহত ৰাখিছে , কেৱল এই কাৰ্যই তেওঁক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে এদিন প্ৰতিষ্ঠা কৰিব । এটা কথা ঠিক যে অসমত যদি খিলঞ্জীয়া অসমীয়াৰ অধিকাৰ সুৰক্ষিত হৈ থাকিব লাগে , তেন্তে বিজেপি চৰকাৰৰ বিকল্প অনাগত ৫০ টা বছৰতো নাই । একমাত্ৰ বিজেপি চৰকাৰেহে  অসমক বিদেশীৰ পৰা সুৰক্ষা প্ৰদান কৰিব পাৰে , কাৰণ বিজেপিৰ শৰীৰত আছে অসম গৌৰৱ মহাবীৰ লাচিতৰ তেজ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top