শদিয়াৰ ৰাইজে পাহৰি যাব নেলাগিব যে একমাত্ৰ বিজেপি চৰকাৰৰ নেতৃত্বৰ বাবেই শদিয়াৰ ৰাইজে লাভ কৰিবলৈ সক্ষম হ’ল ভাৰতৰ আটাইতকৈ দীঘল এখন দলং, যি ড° ভূপেন হাজৰিকা সেতু নামেৰে ভাৰত বিখ্যাত । সেই সময়তো শদিয়াৰ বিধায়ক আছিল সন্মানীয় বলিন চেতিয়া ডাঙৰীয়া। গতিকে দলং খনৰ পৰা আমি তেওঁক পৃথককৈ চাব নোৱাৰোঁ । এতিয়া আহোঁ আচল কথালৈ ।
দলং হোৱাৰ আগৰ শদিয়াৰ ছবিখন যদি পাহৰা নাই ,তেন্তে জানিব যে শদিয়াৰ পৰা তিনিচুকীয়ালৈ যাবলৈ হ’লে সম্পূৰ্ণ এটা দিনৰ প্ৰয়োজন হয় , গ’লে ঘূৰি অহাটো প্ৰায়েই অসম্ভৱ হৈ পৰে । কাৰণ এটা নিদিষ্ট সময়লৈকেহে নদী পাৰ কৰাবলৈ নাও থাকে , তাৰ পিছত উপায় নাই । কেতিয়াবা একেবাৰে নদীৰ ঘাটত পৰা শদিয়াৰ ঘোমটিবিল পৰ্যন্ত খোজ কাঢ়িব লগা হয় । ৰাস্তা-ঘাটৰ অৱস্থাৰ কথা ইয়াত নকলেও হ’ব । বিজেপিৰ ডাব’ল ইঞ্জিন চৰকাৰ অহাৰ লগে লগে ক্ষীপ্ৰ গতিত অসমৰ চাৰিওফালে গাঁৱে-ভূঁয়ে ৰাস্তাবোৰ পকী হ’বলৈ ধৰিলে , বিভিন্ন নদীৰ ওপৰত পকী দলং নিৰ্মাণৰ কাম ক্ষীপ্ৰতৰ হ’ল । এই কথা ক’লে বঢ়াই কোৱা নহ’ব যে বিজেপি চৰকাৰ নোহোৱা হ’লে শদিয়া বাসীয়ে হয়তো আজিও এই সুদীৰ্ঘ দলংখন উঠাৰ সৌভাগ্য লাভ নকৰিলেহেঁতেন!
ড° ভূপেন হাজৰিকা সেতু কেৱল এখন চিমেণ্ট-শিলৰ দলং মাত্ৰ নহয় , ই হৈছে শদিয়াৰ সহস্ৰ মানুহৰ জীৱনৰ প্ৰাণ স্পন্দন, জীৱিকাৰ্জনৰ সমল । আজি শদিয়াৰ প্ৰায় প্ৰতিখন গাৱঁৰ পৰা সহস্ৰ মহিলা-পুৰুষে দলং পাৰ হৈ তিনিচুকীয়া সদৰ , ডিগবৈ , আনকি ডিব্ৰুগড় পৰ্যন্ত শাক-পাচলিৰ লগতে বিভিন্ন বেপাৰ কৰিবলৈ যায় । অৰ্থাৎ এই দলং খনে জীৱিকাৰ ক্ষেত্ৰখনত এক বিপ্লৱৰ সূচনা কৰিলে । একো একোগৰাকী মহিলাই ঔ-টেঙা ,ঢেকীয়া ,তথা গাজলি বজাৰলৈ নি বিক্ৰী কৰি ২০০০-৩০০০ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । বহুতৰ আৰ্থিক অৱস্থা চকুত লগা ধৰণে পৰিৱৰ্তন ঘটিছে । বহুতে এনেকৈ বছৰ বছৰ ধৰি বেপাৰ কৰি পকী ঘৰ বনাইছে , গাড়ী-মটৰো কিনা আমি দেখি আছোঁ। ইয়াৰ ফলত শদিয়াৰ কৃষকবন্ধু সকলৰো যথেষ্ট লাভ হোৱা দেখা গৈছে । বাহিৰৰ পৰা বেপাৰী আহি শদিয়াৰ পৰা বিভিন্ন খেতিৰ উৎপাদন ঘৰৰ পৰাই উচিত মূল্য দি লৈ যোৱাত কৃষকসকলে ব্যৱসায়ভিত্তিত কৃষিকাৰ্য কৰিবলৈ উৎসাহ লাভ কৰিছে । দলং খনৰ বাবেই শদিয়াৰ বেপাৰীয়ে কম খৰছতে অসমৰ বিভিন্ন ঠাইলৈ বস্তু প্ৰেৰণ কৰি ভাল লাভ কৰিবলৈ সক্ষম হৈছে । লগতে পৰিবহন উদ্যোগটো উন্নত হৈছে । উইংগাৰ জাতীয় যাত্ৰীবাহী সৰু গাড়ী চলাই বহুতেই মাহিলী ভাল উপাৰ্জন কৰি আছে ।
শদিয়াৰ জনসাধাৰণৰ জীৱনৰ মানদণ্ড উন্নত কৰাত এই দলং খনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে । এই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে। প্ৰকৃত গণতান্ত্ৰিক, জন হিতৈষী চৰকাৰৰ দায়িত্বই হৈছে ৰাইজৰ বাবে জীয়াই থকাৰ এক সুন্দৰ পৰিৱেশ ৰচনা কৰা , এইক্ষেত্ৰত অসমৰ বিজেপি চৰকাৰখনে অহৰহ কাম কৰি থকা সকলোৱেই দেখিবলৈ পাইছে । একমাত্ৰ এই দলংখনৰ বাবেই সদৌ শদিয়াবাসী বিজেপি চৰকাৰৰ ওচৰত চিৰদিন কৃতজ্ঞ হৈ ৰ’ব ।
