কিছুমানে ক’ব খোঁজে যে বিজেপি হেনু জাতিয়তাবাদী নহয় , অসমৰ তথা আই অসমীৰ শুভ চিন্তক নহয় , বিজেপিয়ে ‘জয় আই অসম’ ক’ব বেয়া পাই ইত্যাদি ইত্যাদি। হয় , বিজেপি এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হিচাপে অখণ্ড ভাৰতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ‘ভাৰত মাতা কী জয়’ বা ‘বন্দে মাতৰম’ ধ্বনি ব্যৱহাৰ কৰিব পাৰে , কিন্তু এই কথা আমি জানিব লাগিব যে বা মানি ল’ব লাগিব যে অসম এখন ভাৰতৰে ৰাজ্য হয় । অসমক ভাৰতৰ পৰা পৃথককৈ এই মুহূৰ্তত চোৱাটো সম্ভৱ নহয় । এইখন অখণ্ড ভাৰতৰে এখন শক্তিশালী, স্বাৱলম্বী আৰু উন্নত ৰাজ্য হিচাপে অসমে আগবাঢ়ি গৈ আছে আৰু গৈ থাকিব । “জয় আই অসম” সম্ভৱ “ ভাৰত মাতা কী জয়”ৰ মাজতেই । এই বিষয়ে পিছলৈ ভালদৰে লিখিম ।
আমি সকলোৱে জানোঁ অসম আন্দোলনৰ ইতিহাস। এক যুগান্তকাৰী আন্দোলন নিজৰ সংস্কৃতি, ভাষা আৰু অস্তিত্ব ৰক্ষাৰ। নিজৰ জননীৰ স্বাৰ্থত নিজৰ প্ৰাণ আহুতি দিবলৈও কুণ্ঠাবোধ নকৰা সহস্ৰ দেশপ্ৰেমীক ৰাজপথলৈ ওলাই আহিছিল । ৮৬০ জন অসমীয়া যুৱকে অসমীয়াৰ হকে আন্দোলন কৰি স্বহীদ হ’ল । হয়তো তাৰ পৰাই অসমত জাতিয়তাবাদী এক আদৰ্শৰ তীব্ৰ উন্মেষ হ’ল । কিন্তু প্ৰকৃতাৰ্থত জাতিয়তাবাদ কোনে কৰিলে বা কৰি আছে ?
৮৬০ জন স্বহীদৰ চিৰ স্বাশ্বত সন্মানৰ অৰ্থে ১০০ কোটি টকাৰ ব্যয়েৰে সু-উচচ্চ , অতি সুন্দৰ স্বহীদ স্মাৰক ক্ষেত্ৰ কোনখন চৰকাৰে বা কোনজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত নিৰ্মাণ হ’ল ? যি উদ্দেশ্যে ৮৬০ জন অসমীয়াই নিজৰ জীৱন বলিদান দিলে , সেই উদ্দেশ্যক সফল কৰিবলৈ কোনখন চৰকাৰে বা কোনজন মুখ্যমন্ত্ৰীয়ে অহোপুৰুষাৰ্থ কৰি আছে ? ——-আজি যে অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা হৈছে , লাখ লাখ বিঘা মাটি বিদেশীৰ কবলৰ পৰা উদ্ধাৰ কৰি থকা হৈছে , খিলঞ্জীয়া ৰাইজক ভূমিৰ পট্টা প্ৰদান কৰি মাটিৰ অধিকাৰ সুৰক্ষিত কৰা হৈছে , সেয়া জানো জাতীয়তাবাদ নহয় ? অসমৰ সকলো খিলঞ্জীয়া মহিলাই যে আজি অৰুণোদয়ৰ দৰে জুৱনদায়ী আঁচনি লাভ কৰিছে , সেয়া জানো অসমীয়া জাতিৰ বাবে কৰা কামৰ নহয় , তাক জানো জাতিয়তাবাদ বুলি ক’ব নোৱাৰি ? অসমৰ ৰাইজে জাতিয়তাবাদ ভাল পায় নিজৰ জাতিৰ সন্মান , সংস্কৃতি আৰু অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত । গভীৰভাৱে চালে দেখিব যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই কালৰ আটাইতকৈ শ্ৰেষ্ঠ জাতিয়তাবাদী নেতা , কাৰণ তেওঁ অসমক ভাল পায় , অসমীয়া খিলঞ্জীয়া ৰাইজক ভাল পায় , ভাল পায় অসমীয়াৰ বাপতি সাহোন বিহুক , ভাল পায় বাগিচাৰ ঝুমুৰ, ভাল পাই বাগৰুম্বা…… তেওঁ প্ৰকৃত জাতীয়তাবাদী বাবেই ভোটৰ কথা চিন্তা নকৰি সাহসেৰে যুদ্ধ কৰিব পাৰে আধুনিক মোগলৰ বিৰুদ্ধে , তেওঁ অসমক মনে-প্ৰাণে ভাল পায় বাবেই অসমৰ উন্নয়নৰ স্বাৰ্থত ১৩-১৪ ঘণ্টা ৰাইজৰ কাম কৰিব পাৰে , তেওঁ জাতিক ভাল পায় বাবেই দিব পাৰে অৰুণোদয়, নিযুঁত মইনা , বাবু আদি আঁচনি । তেওঁ অসমীয়া জাতিক ভাল পাই বাবেই নিৰ্মাণ কৰিব পাৰে ১০০ কোটিৰ স্বহীদ স্মাৰক ক্ষেত্ৰ, অপূৰ্ব সুন্দৰ বটদ্ৰৱা থান । তেওঁ জাতিয়তাবাদী বাবেই অসমলৈ আনিছে উন্নয়নৰ বান , খিলঞ্জীয়া প্ৰেমী বাবেই তেওঁ দিছে এক লাখ স্বচ্ছ চৰকাৰী নিযুক্তি , আনিছে ইণ্ডাষ্ট্ৰী……
নামৰ আগত জাতিয়তাবাদী লিখিলেই জাতিৰ প্ৰকৃত সেৱক হ’ব নোৱাৰে , জাতিৰ উন্নয়নৰ বাবে , কল্যাণৰ কাৰণে কাম কৰিহে জাতিয়তাবাদী হ’ব পাৰি । হে’ শ্ৰদ্ধাৰ ৰাইজ , এতিয়া আপোনালোকে কওকচোন ,নহয় জানো বিজেপি অসমৰ জাতিয়তাবাদী ?
