( ২০১৭ চনতেই লিখা এটি অপ্ৰকাশিত প্ৰবন্ধ )
“The heights by great men reached and kept were not attained by sudden flight ;
But they ,while their companions slept ,
were tailing upward in the night .”
মোৰ জীৱনৰ অন্যতম প্ৰেৰণা-পুৰুষ নেপোলিয়ন বোনাপাৰ্টৰ এখন জীৱনী পঢ়ি আছোঁ । এজাক দুৰন্ত ধুমুহাৰ দৰে ; উন্মত্ত সাগৰৰ উত্তাল এৰাশি ঢৌৰ দৰে ; নীলাকাশৰ মাজেৰে উচাৎ মাৰি উৰি যোৱা এজাক ৰাজহংসৰ দৰে সেই বিস্ময়-পুৰুষৰ জীৱন-কাহিনী মোৰ দৃষ্টিৰ সমুখেৰে ধীৰে ধীৰে পাৰ হৈ গৈছে । পথৰ কোনোবা ‘স্পীড্ ব্ৰেকাৰ’ ত হঠাৎ থমকি ৰোৱা গাড়ীৰ দৰে মোৰ সেই প্ৰিয়তম ব্যক্তিৰ বিষয়ে বিখ্যাত ফৰাচী ঐতিহাসিক টিয়েৰে কোৱা কথাখিনি শুনি ৰৈছিলো থমকি : ‘ বিধিৰ কি অদ্ভূত বিধান মতে একেজন মানুহেই সেই যুগৰ শ্ৰেষ্ঠতম যোদ্ধা ,শ্ৰেষ্ঠতম আইন কৰ্তা ,শ্ৰেষ্ঠতম শাসক আৰু শ্ৰেষ্ঠতম লেখক হ’ব পাৰিছিল ,ক’ব নোৱাৰি ।’
কি সেই আশ্চৰ্য পুৰুষ !
ধীৰে ধীৰে মোৰ দৃষ্টি সেই কাহিনীৰ পৰা প্ৰসাৰিত হ’ল আকাশলৈ । আকাশলৈ চাই চাই ভাবিলো : উত্তৰণৰ স্পৃহাই মোকো তেওঁৰ দৰে গঢ়িব পাৰে নেকি ,ময়ো তেওঁৰ দৰে বিশাল হ’ব পাৰো নেকি ! কিন্ত মই যিমানদূৰ জানো ,প্ৰত্যেক মহৎ ব্যক্তিয়েই অননুকৰণীয় ; বোনাপাৰ্ট আৰু বেছি অননুকৰণীয় । নিজৰ স্বয়ং-কেন্দ্ৰিক ভাৱনাক ত্যাগ কৰি মই এইবাৰ আনৰ মাজলৈ ঘূৰি গ’লো । পৃথিৱীত বোনাপাৰ্টৰ দৰে আধুনিক কোনোবা আছে নেকি ,–জৱাহৰলাল নেহৰু ,গান্ধী অথবা মোডী ? নহয় ,মই সিমান দূৰলৈ যোৱা একেবাৰেই উচিত নহয় । মোৰ কাষতে আছে অসম ,মোৰ মাতৃভূমি । অসমত আজিৰ কালত বোনাপাৰ্ট গোষ্ঠীৰ ব্যক্তি আছে জানো ?
থকাটো অসম্ভৱ নিশ্চয় নহয় । মই মোৰ সীমিত দৃষ্টিৰে সেই দুৰ্লভ ,দুষ্পাপ্য বোনাপাৰ্ট গোষ্ঠীৰ ব্যক্তিজনক আৱিষ্কাৰ কৰাৰ চেষ্টা কৰিম ।
আমি fragmentation of talent ক বিশ্বাস নকৰোঁ । বিশ্বাস এই কাৰণেই নকৰোঁ যে প্ৰতিভাৰ খণ্ডিতকৰণ বা খণ্ডিত প্ৰতিভাৰ (split talent)সাধনাই মানুহক পূৰ্ণতা প্ৰাপ্তিৰ দিশে লৈ নাযায় । পূৰ্ণতা প্ৰাপ্তিয়েই যদি মানুহৰ জীৱনৰ একমাত্ৰ লক্ষ্য হয় ,তেন্তে সাধনাৰ খণ্ডিতকৰণৰ দ্বাৰা ই কেতিয়াও সম্ভৱ নহয় । কেৱল মাত্ৰ বিজ্ঞান পঢ়ি , কেৱল মাত্ৰ সাহিত্য কৰি ,ৰাজনীতি কৰি কোনেও পূৰ্ণ জ্ঞানৰ অধিকাৰী হ’ব নোৱাৰে। পূৰ্ণ জ্ঞানৰ সন্ধান নাপালে কাৰোৰে পক্ষই universal talented হৈ উঠাতো সম্ভৱ নহয় । সম্পূৰ্ণ মানুহ সেইজনেই ,যিজনৰ বাবে ৰাজনীতি ,দৰ্শন ,সাহিত্য-কলা একোৱেই অজ্ঞ নহয় । তেনেকুৱা ‘পূৰ্ণ পুৰুষ’ ইতিহাসত বহুবাৰ আৱিৰ্ভাৱ হৈছে । আমি মহান এৰিষ্টটলৰ কথা ,মাৰ্কাছ অৰেলিয়াছৰ কথা পাহৰিব নেলাগিব ,পাহৰিব নেলাগিব গ্যেটে আৰু লিঅ’-নাৰ্ড’-দ্য ভিণ্সিৰ বিস্ময়কৰ প্ৰতিভাৰ কথাও । তেওঁলোকে জ্ঞানৰ প্ৰত্যেকটো খণ্ডতেই ভৰি দিছিল আৰু সেই দ্বাৰা তেওঁলোকে পূৰ্ণতা প্ৰাপ্তিৰ দিশে হৈছিল অগ্ৰমান ।
অসমৰ সাম্প্ৰতিক পৰিৱেশত বা আমাৰ সমকালত তেনেকুৱা এজন পূৰ্ণতম ব্যক্তিৰ যদি সন্ধান কৰোঁ ,তেন্তে স্তত:স্ফূতভাৱেই মোৰ দৃষ্টিৰ সমুখত ভাঁহি উঠে সেই বিশাল ব্যক্তি—-যি ব্যক্তি ,হোমেন বৰগোহাঞি দেৱৰ মতে অসমৰ একমাত্ৰ Thinking Politician ।
বিগত ১৫ বছৰ ধৰি অহৰহ শুনি থকা , টিভি চেনেলত দেখি থকা সেই বুদ্ধিমান ব্যক্তিজনেই আমি বিচাৰি থকা বোনাপাৰ্ট গোষ্ঠীৰ সদস্য হ’ব পাৰে !
মানুহজনক ওচৰৰ পৰা দেখাৰ সৌভাগ্য আমাৰ হৈছিল মাত্ৰ এবাৰেই । শদিয়াৰ চূণপোৰাস্থিত এখন হস্পিতালৰ উদ্বোধন অনুষ্ঠানত অংশ গ্ৰহণ কৰি উলটি যোৱাৰ পৰত তেওঁ আমাক ‘বাই বাই’ কৈ গৈছিল । সেই বাৰেই তেওঁক দেখিছিলোঁ ওচৰৰ পৰা । কিছুমান মানুহক ওচৰৰ পৰা দেখিলে ,ওচৰৰ পৰা বক্তৃতা শুনিলে হৃদয়খন অজানিতে উদ্বেলিত হৈ পৰে । মনত এই ধাৰণা পুঞ্জিভূত হয় যে মানুহজন নিশ্চয় মহান । সেই উদ্বোধনী অনুষ্ঠানত তেওঁৰ ওজস্বী ভাষণ শুণি আমাৰ হৃদয় উদ্বেলিত হৈ পৰিছিল । বিশ্বাস দৃঢ় হৈছিল যে মানুহজন নিশ্চয় মহাজ্ঞানী ।মহাত্মা গান্ধীয়ে যেতিয়া বিপুল জনতাৰ আগত বক্তৃতা দিছিল ,তেতিয়া তেওঁৰ বক্তৃতা বহুতে শুনাই নাপাইছিল ,তথাপি সেই বিপুল জনতাৰ হৃদয় হৈ পৰিছিল আৱেগত শিহৰিত । কিহৰ বলত ? —-তেওঁৰ নৈতিক মাহাত্ম্য আৰু ব্যক্তিত্ব ।
ঈশ্বৰপুত্ৰ যীশুৱে যেতিয়া তেওঁৰ দুহাত প্ৰসাৰিত কৰি শিষ্যসকলক উদ্দেশ্যি কিবা এটা কয় ,তেতিয়া তেওঁৰ সমস্ত শিষ্যই অৱনত মস্তকেৰে মাথোঁ কয় : তোমাৰ যি আজ্ঞা প্ৰভু । সেই প্ৰশ্নহীন ,চৰ্তহীন আনুগত্য যীশুৱে লাভ কৰিছিল তেওঁৰ মহানুভৱতাৰ বাবে ,ব্যক্তিত্বৰ বাবে ।
সেইদিনা ডঃ শৰ্মাদেৱৰ বক্তৃতা শুনিও শ্ৰোতাৰ একাংশই হৈ পৰিছিল নিৰ্বাক আৰু আৱেগ বিহ্বলিত । পিছদিনা আমাৰ বিদ্যালয়ৰ এজন শিক্ষাগুৰুৱে আমাক কৈছিল : ” অসমৰ ৰাজনৈতিক আকাশৰ তেৱেঁই একমাত্ৰ সূৰ্য–যি অসমক এদিন পোহৰমুখী পথত লৈ যাব পাৰে । Time will prove that . “—-ছাৰৰ মন্তব্য আমি মাত্ৰ শুনিছিলো আৰু উৰুৱাই দিছিলো ।
নেপোলিয়ন বোনাপাৰ্টৰ কাল-শত্ৰু ইংৰাজ সেনাপতি কৰ্ণেল নেপিয়াৰে Peninsular War বুৰঞ্জীত কৈছে : ” To have struggled with hope ,under such astounding difficulties was a display of intellectual greatness ,so surpassing ,that it is not without justice that Napoleon has been called ,in reference to past ages ,as well as the present ,the foremost of manking ‘ ডঃ শৰ্মাদেৱৰ ব্যক্তিগত আৰু ৰাজনৈতিক জীৱনতো সংঘাত বহুবাৰ আহিছে । সংঘাত অহাটোৱেই স্বাভাৱিক ,কাৰণ Ups and Downs ৰ বাহিৰে জীৱনৰ পূৰ্ণাংগ গঠন সম্ভৱ কেতিয়াও নহয় । তেওঁৰ বহুতো ব্যক্তিগত অথবা ৰাজনৈতিক শত্ৰুৱে বহুবাৰ কেলেংকাৰীৰ কলুষতাৰে বদনাম কৰাৰ চেষ্টা কৰিছে ,তেওঁৰ ৰাজনৈতিক চৰিত্ৰ হনন কৰিবলৈ শত্ৰুৱে ৰচিছে কুটিল ষড়যন্ত্ৰ ।কিন্তু কি অদ্ভূত দক্ষতাৰে তেওঁ সেই বিষাক্ত তুচ্ছতা অতিক্ৰম কৰিছে —-সেই কথা ভাবি আমাৰ বিশ্বাস দৃঢ় হৈছে যে তেওঁ বোনাপাৰ্ট গোষ্ঠীৰ সদস্য হোৱাৰ যোগ্য । নেপোলিয়নেও তেওঁৰ জীৱন কালত এবাৰলেও দীৰ্ঘস্থায়ী সুখ বা শান্তিৰ মুখ নেদেখিলে ,অথচ তেওঁ সেই অশান্তিৰ ঘনায়মান অন্ধকাৰৰ মাজতো পৃথিৱীৰ মানুহৰ বাবে যিখিনি অবিস্মৰণীয় কাম কৰি গ’ল —-সিয়ে প্ৰমাণ কৰে যে তেওঁ নিশ্চয় সাধাৰণ মানুহ নহয় । He was certainly not belongs to common man.
অসমৰ ৰাজনৈতিক বিশৃংখলতাৰ মাজত , সু-চিন্তাৰ প্ৰতিকূলতাৰ মাজত কিঞ্চিত পৰিমাণে হ’লেও তেওঁ যি মহৎ কাম কৰি গ’ল—-এই কথাই আমাকো ভাবিবলৈ বাধ্য কৰিছে—He does not belong to common people . অন্য হোৱা হ’লে তেনে ৰাজনৈতিক পৰিৱেশত দেশৰ কথা পাহৰি নিজৰ ব্যক্তিগত ‘ ধন ভাণ্ডাৰ’ পূৰ্তিৰ বাবে কৰিলেহেঁতেন অহোপুৰুষাৰ্থ । তেনেকুৱা ‘ পাষণ্ড ৰাজনৈতিক নেতা’ আমি চকু মেলিলেই দেখা পাওঁ । অসমৰ ৰাজনৈতিক জগতত যিটো বস্তু দুৰ্লভ ,দুষ্পাপ্য —-সেইটো হ’ল জিনিয়াছ্ ,অথবা বোনাপাৰ্ট গোষ্ঠীৰ নেতাৰ । শিক্ষিত মহলত এটা প্ৰশ্ন সততেই গুৰুত্বপূৰ্ণ হৈ দেখা দিছে: নেপোলিয়ন সম্বন্ধে দুটা ভাৰ্চন আছে নহয়নে ? প্ৰকৃততে এই কথা অৰ্থহীন । দুটা ভাৰ্চন অবিহনে মানুহ সম্পূৰ্ণ নহয় । মানুহ ঈশ্বৰ নহয় আৰু সেই বাবেই মানুহৰ দুটা ভাৰ্চন থকাটো একো অস্বাভাৱিক নহয় । গুৰুত্বপূৰ্ণ কথাটো হ’ল কোনটো ভাৰ্চন মানুহে বেছি গুৰুত্ব দিব । ভাল আৰু বেয়াৰ পৰা ভালটোক উদ্ধাৰ কৰি সেই ভালৰ পৰম বিকাশৰ কাৰণে কাম কৰাটোৱেই মানুহৰ ধৰ্ম । ড° শৰ্মাদেৱ ইয়াৰ ব্যতিক্ৰম নহয় ।
নেপোলিয়ন বোনাপাৰ্টৰ উচ্চাকাংক্ষা আছিল অতি প্ৰৱল । সেই ভূমাস্পৃহাক বাস্তৱত ৰূপায়ন কৰিবলৈ তেওঁ কৰিছিল অক্লান্ত পৰিশ্ৰম । তেওঁ মহত্তৰ স্বপ্ন দেখিছিল ,তেওঁ নিৰৱচ্ছিন্ন মহত্বৰ সাধনাৰে আৰ্জিব খুজিছিল খ্যাতি আৰু অমৰত্ব । আজিৰ দেশ নেতা সকলৰ ( অসমৰ) ভূমাস্পৃহা শূণ্য, মহত্ত্বৰ সাধনা অধোনমিত হৈছে তুচ্ছ অৰ্থোপাৰ্জনৰ ঘৃণ্য অপ-কৰ্মত । খ্যাতিৰ স্বপ্ন নাই ,আছে মাথোঁ ক্ষমতাৰ লালসা । তেনেকুৱা সংকীৰ্ণ মন-বুদ্ধিৰ কোনো মানুহে নিজৰ নাম যুগমীয়া কৰিব নোৱাৰে ।
একমাত্ৰ ব্যতিক্ৰম ডঃ হিমন্ত বিশ্ব শৰ্মাদেৱ । অসমৰ একমাত্ৰ Thinking Politician । তেওঁ মাত্ৰ ক্ষমতাৰ স্বপ্ন নেদেখে ; নেপোলিয়নৰ দৰে ক্ষমতাৰ মাধ্যমেৰে তেওঁ দেখে মহৎ খ্যাতিৰ সপোন । আৰু সেইটোৱেই হৈছে এজন ভাল ৰাজনীতিকৰ প্ৰধান চৰিত্ৰ । মহাত্বাকাংক্ষা ।
অসমৰ কোনো এজন ৰাজনীতিকৰে ব্যক্তিগত জীৱনৰ মূলমন্ত্ৰ : Talk less work more হ’ব পৰা নাই । আনকি ডঃ শৰ্মাদেৱৰো । কিন্তু তেওঁ অন্যসকলৰ পৰা এই কাৰণেই পৃথক যে তেওঁ কথাৰ তুলনাত কামো কৰে যথেষ্ট । কিন্তু আমি ইয়াতে সন্তুষ্ট নহয় । তেওঁৰ পৰা অসমৰ ৰাইজে বহুত আশা কৰিছে । তেওঁ অসমৰ মানুহক যি সপোন দেখুৱাই আহিছে ,তাৰ পূৰণো কৰিবলৈ চেষ্টা কৰিছে । TET -শিক্ষক নিৰ্বাচনৰ পৰিষ্কাৰ প্ৰক্ৰিয়াই সকলোৰে মন পুলকিত কৰিছে । ৰাজ্যৰ শিক্ষাৰ আধুনিকীকৰণ আৰু স্বাস্থ্যখণ্ডৰ উন্নীতকৰণৰ কাৰণেও তেওঁ অবিৰত ।
” যিসকল কৰ্মীপুৰুষ সঁচাকৈয়ে মহান ,যিসকলক এভাগ লোকে পূজা কৰে আৰু এভাগে বধিবলৈ বিচাৰে , যিসকলৰ সম্বন্ধে মজামজি মনোভাৱ কোনেও পোষণ নকৰে । প্ৰকৃত মাহাত্ম্যৰ ই এক নিৰ্ভুল চিন ।”
অসাধাৰণত্বক সাধাৰণ মানুহে সহ্য নকৰে । সহ্য কৰিব নোৱাৰাৰ কাৰণ হ’ল—তেওঁলোকে অসাধাৰণ মানুহৰ কথাবোৰ অথবা কৰ্মবোৰ বুজি নাপায় । কিবা অদ্ভূত বুলি ভাৱে অথবা নিজৰ ক্ষুদ্ৰতাৰ বাবে হিংসা কৰে—-যাৰ দ্বাৰা যুগে যুগে ব্যতিব্যস্ত হৈ আহিছে সমাজৰ অসাধাৰণ লোকসকলে । ছক্ৰেটিছক বিহ্ খুৱাই হত্যা কৰা হ’ল ,কপাৰ্নিকাছক জীয়াই জীয়াই অগ্নিদগ্ধ কৰা হ’ল জুইত , গুলিয়াই মৰা হ’ল জাতিৰ পিতা মহাত্মা গান্ধীক,ক্ৰুছত দিয়া হ’ল যীশুখ্ৰীষ্টক ।
আৰু নেপোলিয়নক ?
ডঃ শৰ্মাদেৱক ?
নেপোলিয়নৰ লগত যুদ্ধ কৰিলে সমগ্ৰ ইউৰোপে । সেই যুদ্ধ ইউৰোপ আৰু ফ্ৰান্সৰ মাজত নাছিল ,সেই যুদ্ধ আছিল ইউৰোপ আৰু কেৱল নেপোলিয়নৰ মাজতহে । সমগ্ৰ ইউৰোপ মিলি অৱশেষত নেপোলিয়নক নিৰ্বাসিত কৰিলে চেইণ্ট হেলেনাত ।
ডঃ শৰ্মাদেৱকো নিঃশেষ কৰাৰ মাষ্টাৰ প্লান বনি আছে গোপনে বহুতৰ মাজত । তেওঁ নিজেই কৈছিল: ‘ এইবাৰ নিৰ্বাচনত মোৰ ওপৰত ব্লাডি এটাকো হ’ব পাৰে ।’
কিন্তু মৃত্যু তেওঁৰ বাবে ডাঙৰ কথা নহয় । ডাঙৰ কথা হ’ল অসম আৰু অসমৰ ভৱিষ্যত । তেওঁক কোনোবাই ৰাজনৈতিক ঈৰ্ষাবশতঃ হত্যা কৰিব পাৰে ,কিন্তু পৰাজিত কৰিব নোৱাৰে ।
আজিৰ মানসত বোনাপাৰ্ট অমৰ এই কাৰণেই নহয় যে তেওঁ এজন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বীৰ; তেওঁ অমৰ এই কাৰণেই যে তেওঁ এজন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মানৱ । ইতিহাসৰ কোনো চৰিত্ৰৰ লগতেই নেপোলিয়নৰ তুলনা নচলে । তেওঁৰ অসাধাৰণ কৰ্ম দক্ষতা দেখি তেওঁৰ ঘোৰতৰ শত্ৰুৱেও নকৈ নোৱাৰিছিল: He is really a superhuman.
আজিৰ অসমৰ বেছিভাগ ৰাজনৈতিক নেতায়েই ব্যক্তিত্বহীন । ব্যক্তিত্বহীন ৰাজনৈতিক নেতাৰ উপস্থিতি থকা একমাত্ৰ ৰাজ্য হয়তো অসম —–কথাষাৰত যথেষ্ট চিন্তাৰ অৱকাশ আছে । এটা উন্নততৰ ব্যক্তিত্বৰ অবিহনে কোনো নেতায়েই জনতাৰ শ্ৰদ্ধা আশা কৰিব নোৱাৰে ; অমৰত্বতো সুদূৰেই । মহাত্মা গান্ধীয়ে যেতিয়া পথেৰে খোজ কাঢ়ি যায় ,বাটৰ মানুহে অৱনত মস্তকেৰে মাত লগায় : বাপুজী । বোনাপাৰ্ট যেতিয়া যুদ্ধলৈ উলায় যায় ,ফ্ৰান্সৰ জনতাৰ মুখত শুনা যায় : Vive le Petit Cporal( Long live the little corporal) ,—সেয়া মানুহৰ অন্তৰ প্ৰদেশৰ নিভাঁজ শ্ৰদ্ধা ।
আমাৰ সমকালৰ কোনোবা মুখ্যমন্ত্ৰী যদি ক’ৰবালৈ উলায় যায় ,তেওঁৰ পেচাদাৰী ভৃত্যসকলৰ বাদে বেছিসংখ্যকেই চিঞৰে : মুখ্যমন্ত্ৰী হায় ,হায় ……। জনতাৰ পূঞ্জিভূত ঘৃণাৰ উদগীৰণ ঘটে ।
একমাত্ৰ ডঃশৰ্মাদেৱৰ বাদে কোনেও সেই ভিভ্ লা’ৰ যোগ্য নহয় । ডঃ শৰ্মাদেৱৰ সমুখত এতিয়াও বিশাল কৰ্ম পৰি আছে । সেইবোৰ দক্ষতাৰে সমাধান কৰাৰ ওপৰতেই নিৰ্ভৰ কৰিব তেওঁৰ ব্যক্তিগত উত্তৰণ ,অমৰত্ব আৰু অসমৰ ভৱিষ্যত ।
নেপোলিয়ন বোনাপাৰ্টে যিবোৰ মহৎ কৰ্ম সাধনেৰে সমগ্ৰ মানৱ জাতিৰ পূজনীয়হৈ ৰ’ল ,ঠিক সেইদৰেই ডঃ শৰ্মাদেৱেও নিজৰ ৰাজনৈতিক বিচক্ষনতাৰে বিভিন্ন কৰ্মৰে নিজৰ জীৱন পূজ্যময় কৰি তুলিব পাৰে । তেওঁৰ সমুখত সম্ভাৱনা অন্তহীন ।
নেপোলিয়নৰ জনকল্যাণকৰ কামবোৰ দেখি দেখি পাৰীৰ জনসাধাৰণে প্ৰশ্ন কৰিবলৈ ধৰিলে : ‘ প্ৰথম কন্চালে যিবোৰ কাম হাতত লৈছে ,সকলোবোৰ উত্তম কাম । কিন্তু তেওঁ যদি দহ বছৰৰ পিছত ক্ষমতাচ্যুত হয় বা যদি তেওঁৰ মৃত্যু ঘটে ,তেতিয়া কি হ’ব ? এই যে পাৰীক ইন্দ্ৰৰ অমৰাৱতী কৰিবলৈ তেওঁ ওলাইছে , এই বিৰাট বিৰাট অট্টালিকাবোৰ ,কীৰ্তিস্তম্ভ বোৰ নিৰ্মাণ কৰোৱা হৈছে ,এই যে শাৰী শাৰী গছ ৰোওৱা হৈছে,মানুহটো গ’লে সেইবোৰ কাম সম্পূৰ্ণ হ’বনে ?’
লগে লগে এটা আন্দোলন হ’ল : নাপলেয়ঁক গোটেই জীৱনৰ বাবে প্ৰথম কনচাল পাতিব লাগে ।”
দেশৰ প্ৰজাই ৰজাক কিমান ভাল পালে এনেকুৱা অভূতপূৰ্ব আন্দোলন কৰিব পাৰে —এই কথা প্ৰত্যেকজন দেশ নেতাই হৃদয়ঙ্গম কৰা উচিত
দুৰ্নীতি ,ভ্ৰষ্টাচাৰত লিপ্ত হৈ হিংসা ত্যাগ কৰাতকৈ সৎ শাসনেৰে যুগময়ী শাসক হোৱাত আপত্তি কি ?
ডঃ শৰ্মাই সেই যুগময়ী শাসকৰ কীৰ্তি অৰ্জন কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস ।
ডঃ শৰ্মাই এতিয়ালৈকে যিমানবোৰ কাম কৰিলে ,ভৱিষ্যতে যিবোৰ কৰিব —সিয়েই প্ৰমাণ কৰিব যে তেওঁ নিশ্চয়কৈ বোনাপাৰ্ট গোষ্ঠীৰে এজন বিশাল ব্যক্তি । তেওঁ সদায় নেপোলনীয় উদ্যমতাৰে জনতাৰ কাৰণে আৰু অসমৰ সামগ্ৰীক উন্নতিৰ কাৰণে অবিৰত কাম কৰি গ’লে জীৱনৰ এক অনন্য পৰ্য্যায়ত তেওঁ উপনীত হ’বই ।
( এই প্ৰবন্ধটো লিখিছিলোঁ ২০১৭ চন মানতেই । কিন্তু তাৰ বহু বছৰ আগতেই তেওঁৰ প্ৰতিভা আমাৰ ক্ষুদ্ৰ দৃষ্টিত ধৰা পৰিছিল । তেওঁ যে এজন ব্যতিক্ৰমী ৰাজনৈতিক ব্যক্তি , সেই কথা আমি অনুভৱ কৰিব পাৰিছিলোঁ আমাৰ কৈশোৰ কালতেই । আজি আমাৰ ধাৰণা যে সত্য আছিল , আমাৰ বিশ্লেষণ যে সত্য আছিল সেয়া প্ৰমাণিত হৈছে ।)
