বানপানী এক প্ৰাকৃতিক দুৰ্যোগ, যাৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ মানুহৰ ওচৰত নাই । পৃথিৱীৰ প্ৰান্তে প্ৰান্তে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ ফলত মানুহৰ জীৱন আৰু সম্পত্তিৰ ক্ষয়-ক্ষতি হৈ আহিছে । ১৯৫০ চনৰ অসমৰ বৰ ভূইকঁপৰ পৰা ২০০৪ চনৰ প্ৰলয়ংকৰী ছুনামী আৰু ২০১২ চনৰ কেদাৰনাথ ট্ৰেজেডীৰ কথা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। কেনেকৈ কোনেও নভবাকৈ বানপানী , ভূমিকম্প অথবা প্ৰচণ্ড ধুমুহাই তচনচ কৰি পেলাই মানুহৰ সভ্যতা আৰু অস্তিত্বক !
কিছুদিনৰ আগতে অসমৰ ধেমাজি জিলাৰ জোনাইৰ বানপানীৰ কালৰূপ আমি প্ৰত্যক্ষ কৰিছিলোঁ । তাৰ প্ৰভাৱ শেষ নৌহওঁতেই আমি পুনৰ এক বিভীষিকাময় বানপানীৰ সংহাৰী ৰূপ দেখিবলৈ পাইছোঁ উজনি অসমৰ শিৱসাগৰ আৰু যোৰহাটত । এতিয়ালৈকে জানিব পৰা মতে প্ৰায় ৭ লাখতকৈ অধিক লোক এই প্ৰলয়ংকাৰী বানৰ কবলত পৰিছে , আনকি বহু লোকৰ বেদনাদায়ক মৃত্যু হোৱা খবৰো আমি শুনি আছোঁ। হেজাৰ হেজাৰ মানুহ এতিয়া গৃহহীন , আশ্ৰয়হীন , খাদ্যহীন হৈ অবৰ্ণনীয় কষ্ট আৰু যন্ত্ৰণাৰে বাট চাই আছে ভাল দিনলৈ । এনে দুৰ্যোগৰ সময়ত , সমূহীয়া বিপদৰ সময়ত এখন চৰকাৰৰ দায়িত্ব কি , নিশ্চয়কৈ প্ৰশ্ন হ’ব ।
মই আগতেই কৈছোঁ যে প্ৰকৃতি মানুহৰ সমগ্ৰ শক্তিতকৈ শক্তিশালী, প্ৰকৃতিৰ ওচৰত এখন ৰাজ্যৰ নহয় , পৃথিৱীৰ চৰকাৰ সমূহো অসহায় হ’ব লগা হয় । কিন্তু চৰকাৰে যি দায়বদ্ধতা , সেয়া নিষ্ঠাৰে আৰু সহমৰ্মিতাৰে পালন কৰিবই লাগিব। এই দুখৰ মুহূৰ্তত চৰকাৰে ৰাইজৰ পৰম নিৰ্ভৰযোগ্য বন্ধুৰ দৰে কাম কৰিব লাগিব , ৰাইজৰ কাষত থিয় হৈ ৰাইজৰ সাহস আৰু যন্ত্ৰণাৰ উপশম হ’ব পাৰিব লাগিব ।
প্ৰথমৰে পৰাই এই চৰকাৰখন বন্যাৰ্তৰ কাষত সক্ৰিয়ভাৱে থিয় দি আহিছে । মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশমতে বিভাগীয় মন্ত্ৰীসকলে প্ৰথমৰে পৰাই উদ্ধাৰ অভিযানত আত্মনিয়োগ কৰি আহিছে । বানপীড়িত ৰাইজক যাতে সুৰক্ষিতভাৱে নিৰাপদ স্থানলৈ আনিব পাৰি তাৰ কাৰণে যুদ্ধকালীন তৎপৰতাৰে ৰেস্কিউ অভিযান অব্যাহত ৰাখিছে। কালি মুখ্যমন্ত্ৰী মহোদয় শিৱসাগৰলৈ আহি নিজে সমস্যাৰ বুজ লৈছে , ৰাইজৰ পৰা নিজেই সমস্যাৰ কথা শুনিছে আৰু আশ্বাস দিছে যে বানপানী কমাৰ পিছতেই সকলো ধৰণৰ সহায় ৰাইজক আগবঢ়াব । তেওঁ ৰিলিফ কেম্পবোৰলৈ গৈ বানাক্ৰান্ত ৰাইজৰ দুখ-যন্ত্ৰণাৰ সমভাগী হৈছে । চৰকাৰৰ সকলো মেকানিজম বানপানীৰ সৈতে যুঁজিবলৈ ব্যৱহাৰ কৰা হৈছে । মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে যে এই কেইদিন তেওঁৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হৈছে বন্যাৰ্তক সৰ্বতোপ্ৰকাৰে সহায় কৰা । প্ৰচণ্ড গৰমক নেওচি শিকলিৰে শিকলিৰে মানুহৰ দুখৰ খবৰ লোৱা , মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ অসমৰ মহানায়ক । কাৰণ নেতৃত্বত যেতিয়া পোহৰ থাকে , আশা থাকে , সাহস আৰু প্ৰেৰণা থাকে , মানুহে গভীৰ অন্ধকাৰৰ মাজতো জীয়াই থকাৰ এক শক্তি , এক আশা বিচাৰি পায়। মানুহৰ বিপদৰ সময়ত ভৰসা হ’ব পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ মহানায়ক বুলি ক’লে বঢ়াই কোৱা নহ’ব। তেওঁ একমাত্ৰ আজিৰ ভূমিকাৰ বাবেই ‘মহানায়ক’ হৈ ৰ’ব , অন্যান্য যিবোৰ কাম তেওঁ নতুন অসম নিৰ্মাণৰ কাৰণে কৰি আছে সেই সকলো যদি চাওঁ তেন্তে তেওঁ হ’ব অসমৰ ৰাজনৈতিক ইতিহাসৰে মাত্ৰ নহয় , অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে কেৱল নহয় , তেওঁ আধুনিক যুগৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া হিচাপেও স্বীকৃতি পোৱাৰ যোগ্য।
কাৰণ আধুনিক অসমৰ আধুনিক জনতাই এনে এজন নেতা বিচাৰে , যিয়ে আশা দিব , পোহৰ দিব , স্বপ্ন দিব , বাট দিব ,নিৰাপত্তা দিব ,শান্তি দিব আৰু দিব উন্নয়ন , আই অসমীৰ নিৰৱচ্ছিন্ন উন্নয়ন।
অসমৰ প্ৰেক্ষাপটত তেনে একমাত্ৰ ব্যক্তিজনেই হ’ল আমাৰ আটাইতকৈ মৰমৰ ‘মামা’ তথা আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাদেৱ ।
