চিন্তাৰ সমুদ্ৰত ঢৌ সৃষ্টি কৰা এটি বক্তৃতা

      আজি ইং ১৫/০৬/২০২৬ , অসম বিধানসভাৰ বাজেট অধিৱেশনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদ্দাত্ত ভাষণ শুনিলোঁ। শক্তিশালী, অপূৰ্ব আৰু আলোক সন্ধানী ! অসমক লৈ এটা great vision ৰ অবিহনে এনে শক্তিশালী আৰু দূৰদৰ্শী বক্তৃতা দিয়া সহজ নহয় । তেওঁ বক্তৃতাত যিবোৰ কথা উল্লেখ কৰিছে , এখন বিকশিত অসম নিৰ্মাণৰ কাৰণে সেয়া অত্যন্ত গুৰুত্বপূৰ্ণ। 

     তেওঁৰ চিন্তাই , তেওঁৰ অতীতৰ কৰ্মৰাজীয়ে এটা কথাই স্পষ্ট কৰে যে তেওঁ ভাৰতবৰ্ষৰ এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে আমাৰ অসমক গঢ়ি তুলিবলৈ দৃঢ়ভাৱে সংকল্পবদ্ধ। তেওঁ বিজেপিলৈ অহাৰ পিছত নহয় , তেওঁ যেতিয়া কংগ্ৰেছত আছিল , তেওঁ যেতিয়া সেই সময়ৰ অসম চৰকাৰৰ মন্ত্ৰী আছিল , তেতিয়াৰ পৰাই তেওঁ এখন নতুন আশাৰ অসম নিৰ্মাণ কৰাৰ কথা ভাবিছিল । সেই কথা তেওঁৰ জনপ্ৰিয় গ্ৰন্থ ‘সমাগত সময়’ৰ পাতত আমি দেখা পাইছিলোঁ । সেই সময়তে তেওঁ নিজৰ বিভাগত আমূল পৰিৱৰ্তনৰ সূচনা কৰিবলৈ প্ৰয়াস কৰিছিল । বহু পৰিমাণে তেওঁ সফলো হৈছিল । বিশেষকৈ শিক্ষা বিভাগৰ নিযুক্তিৰ ক্ষেত্ৰত তেওঁ যি টেট পৰীক্ষাৰ আৰম্ভ কৰিছিল , সি আছিল এক আশাৰ বাৰ্তা, এক সুন্দৰ নিদৰ্শন। কিন্তু তেওঁ সেই দিনত অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ নকৰিলে বা দিয়া নহ’ল । যেতিয়াই তেওঁ ভাৰতীয় জনতা পাৰ্টিলৈ আহি প্ৰথমবাৰ বৃত্ত মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে , তেতিয়াৰ পৰাই তেওঁ অসমৰ বাবে নতুন উদ্যমেৰে,নতুন চিন্তাৰে আৰু নতুন ধৰণেৰে কাম কৰাৰ আৰম্ভ কৰে । ২০২১ চনত তেওঁ মুখ্যমন্ত্ৰী হ’ল । বিগত পাঁচটা বছৰত অসমৰ উন্নয়নৰ কাৰণে কি ধৰণৰ পৰিশ্ৰম তেওঁ কৰিছে , সেয়া অসমৰ ৰাইজে দেখিছে । তাৰেই প্ৰতিফলন ঘটিল ২০২৬ ৰ বিধানসভা নিৰ্বাচনত : অসমৰ ৰাইজৰ বিপুল আশীৰ্বাদ। 

    আজি তেওঁ যিদৰে নতুন অসমৰ এখন ছবি দাঙি ধৰিবলৈ চেষ্টা কৰিছে সেয়া সচেতন জনতাই হৃদয়ংগম কৰিবলৈ চেষ্টা কৰা উচিত । অসম এখন পিছপৰা ৰাজ্য ,এই কথা অস্বীকাৰ কৰি লাভ নাই । মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজ মুখে কৈছে যে অসম এখন দৰিদ্ৰ ৰাজ্য ।  তথাপি তেওঁ এখন শক্তিশালী, স্বাৱলম্বী নতুন বিকশিত অসমৰ সপোন দেখাৰ সাহস কৰিছে , তেওঁ যিমান দূৰ সম্ভৱ সকলোখিনি চেষ্টা কৰিব বিচাৰে যাতে অসম বিকাশৰ দৌৰত স্থবিৰ হৈ ৰৈ নেথাকে । 

    আমি বহুবাৰ লিখিছোঁ যে অসমৰ বিকাশৰ বাবে অসমৰ অৰ্থনীতিৰ বিকাশ অনিবাৰ্য। অসমৰ অৰ্থনীতিৰ বৃদ্ধি নহ’লে নতুন অসমৰ আন্ত:গাঠনি নিৰ্মাণ কেতিয়াও সহজ নহ’ব । কিন্তু এটা প্ৰশ্ন আমি প্ৰত্যেকেই নিজকে নিজে সুধিব লাগিব যে অসমৰ অৰ্থনীতি বৃদ্ধিৰ উপায়সমূহ কি কি ? কি কি পথেৰে অসমে নিজৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰিব পাৰে ? কেনেকৈ অসমে নিজৰ অৰ্থনীতিৰ বিকাশৰ হাৰ দ্ৰুততৰ কৰিব পাৰে ?

এনেবোৰ প্ৰশ্নৰ উত্তৰ উলিয়াই সেইবোৰ উপায় অৱলম্বন কেনেকৈ সফলভাৱে কৰিব পাৰি সেই কথা যিমানেই অসমৰ দল-সংগঠন , চিন্তাবিদ-বুদ্ধিজীৱীসকলে আলোচনা কৰিব , সিমানেই আমাৰ ৰাজ্য আগুৱাই গৈ থাকিব ।  মাননীয় মুখ্যমন্ত্ৰীৰ বক্তৃতাৰ বিষয়বস্তু আৰু উদ্দেশ্য স্পষ্ট :  অসমৰ উন্নয়নৰ কাৰণে নগৰীকৰণ , উদ্যোগীকৰণ , সুশিক্ষা আৰু এক যোগাত্মক পৰিৱেশ অনিবাৰ্য।  কেৱল আন্দোলন ,নেতিবাচক আৰু ধ্বংসাত্মক চিন্তা-চৰ্চাই অসমক কেতিয়াও আগবাঢ়ি যাব নিদিয়ে । 

   আজিৰ তেওঁৰ বক্তৃতাত কেইটামান এনেকুৱা কথা শুনিবলৈ পালোঁ যি আগতে কোনো মুখ্যমন্ত্ৰীৰ মুখত আমাৰ শুনা মনত নপৰে । আচলতে সঁচা মনেৰে অসমৰ কাৰণে কাম কৰিব বিচাৰিলেহে তেনে কথা দঢ়তাৰে ক’ব পাৰে । আমি প্ৰায়ে আদানী-আম্বানী কৰি থাকোঁ , আমাৰ বাবে যেন এই ভাৰতৰে দুগৰাকী বিখ্যাত উদ্যোগপতি এক প্ৰকাৰ ভাবুকি , আমাৰ যেন এক ঘোৰতৰ শত্ৰু তেনে এক পৰিৱেশ আমি ৰচনা কৰি আছোঁ। আমি জনা উচিত যে আদানী বা আম্বানীৰ বাবে অসম ইমান গুৰুত্বপূৰ্ণ নহয় , যিমান অসমৰ বাবে তেওঁলোক গুৰুত্বপূৰ্ণ। অসমৰ পৰা যিমান ব্যৱসায় পাব লাগে সেয়া আম্বানীৰ জিঅ’ বা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে কৰিয়েই আছে । আমাক তেওঁলোকৰ পৰা আৰু বহুত প্ৰয়োজন , বিশেষকৈ বিনিয়োগ । যদি তেওঁলোকে অসমত কিবা উদ্যোগ স্থাপন কৰে , অসমৰ পৰা অকণমান মাটিৰ প্ৰয়োজন হ’ব , বিনিময়ত অসমত সৃষ্টি হ’ব হেজাৰ কৰ্ম সংস্থাপনৰ , অসমৰ মাটিত বিনিয়োগ হ’লে অসমৰ ব্যৱসায়ীসল উপকৃত হ’ব , শ্ৰমিকসকল উপকৃত হ’ব , সৰ্বোপৰি উপকৃত হ’ব অসমৰ জনগণ চৰকাৰৰ জৰিয়তে। কাৰণ চৰকাৰৰ ৰেভিনিউ বৃদ্ধি মানে আঁচনিৰ সুফল লাভ কৰিব পাৰিব খিলঞ্জীয়া জনসাধাৰণে । কথাবোৰ এনেকৈ যোগাত্মক দৃষ্টিভংগীৰে চোৱাৰ সময় সমাগত ।  

    তেওঁ আজি বক্তৃতাত অৰুণাচল প্ৰদেশৰ এটা ৩০০০০ মেগাৱাটৰ জল বিদ্যুৎ প্ৰকল্পৰ কথা উল্লেখ কৰে । তেওঁ উল্লেখ কৰে যে অৰুণাচল চৰকাৰক এইক্ষেত্ৰত সহায় কৰিছে অৰুণাচলৰ জনসাধাৰণে । এটাও আন্দোলন হোৱা নাই , কাৰণ অৰুণাচলৰ জনতাই জানে যে অকণমান ৰিক্স নললে কোনো ধৰণৰ উন্নয়ন সম্ভৱ নহয় । ৰাজ্যৰ আৰু ৰাজ্যবাসীৰ উন্নয়নৰ স্বাৰ্থত চৰকাৰ আৰু ৰাইজ একত্ৰিত হোৱাৰ এক সুন্দৰ নিদৰ্শন তেওঁ দাঙি ধৰে । লগতে তেওঁ অন্ধ্ৰপ্ৰদেশৰ কথাও উল্লেখ কৰি কয় যে অমৰাৱতী মহানগৰৰ বিকাশৰ বাবে কিদৰে সাধাৰণ জনতাই নিজৰ মাটি চৰকাৰলৈ এৰি দিছে । অৰ্থাৎ এই কথা সূৰ্যৰ পোহৰৰ দৰে সত্য যে দেশৰ বা ৰাজ্যৰ পূৰ্ণাংগ বিকাশৰ যাত্ৰাত জনসাধাৰণৰ সহযোগিতা অনিবাৰ্য আৰু অপৰিহাৰ্য। চৰকাৰ আৰু জনসাধাৰণ মিলি অসাধ্য সাধন কৰিব পাৰে । অৰ্থাৎ অৰুণাচল প্ৰদেশে মানুহৰ জীৱনৰ কাৰণে অত্যন্ত জৰুৰী বিদ্যুৎ উৎপাদন কৰি এক বৃহৎ অৰ্থনীতি গঢ়াৰ যাত্ৰা আৰম্ভ কৰিছে । মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গুজৰাট, মহাৰাষ্ট্ৰ  আদি উন্নত ৰাজ্য সমূহৰ কথা কৈ সদনত এক নতুন অসম নিৰ্মাণৰ ৰূপৰেখা দাঙি ধৰিবলৈ প্ৰয়াস কৰিছে । নগৰীকৰণ, উদ্যোগীকৰণৰ জৰিয়তে আজি গুজৰাট , হাৰিয়ানা, মহাৰাষ্ট্ৰ আদি ৰাজ্য দ্ৰুতগতিত আগবাঢ়ি গৈছে । অসমো সেই পথ ল’বই লাগিব উন্নয়নৰ স্বাৰ্থত । বিগত বছৰসমূহত আমি দেখিবলৈ পাইছিলোঁ যে অসম চৰকাৰৰ উদ্যোগত অসমত ‘এডভাণ্টেজ আছাম’ শীৰ্ষক এক ব্যৱসায়িক সন্মিলন আয়োজন কৰা হৈছিল , য’ত ভাৰতবৰ্ষৰ বিভিন্ন উদ্যোগপতিয়ে আহি অসমত প্ৰায় ৪ লাখ কোটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰে । ই অসমৰ কাৰণে এক বৃহৎ গৌৰৱৰ কথা –যাক কিন্তু কোনোৱে প্ৰশংসা কৰা আমি নেদেখিলোঁ । আচলতে চৰকাৰৰ কোনো জন কল্যাণমূলক আঁচনিৰেই প্ৰশংসা আমি দেখা নেপালোঁ বিগত বছৰবোৰত । বিৰোধী দল মানেই যে কেৱল বিৰোধিতা কৰা —এই মানসিকতা পৰিত্যাগ নকৰিলে গণতান্ত্ৰিক প্ৰগতি সম্ভৱ নহয় অথবা বহু কঠিন হৈ পৰে ।

    অসমৰ জি.ডি.পি বৰ বেছি নহয় –এই কথা বহুতেই জানে । অথচ  মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিগত পাঁচটা বছৰৰ ভিতৰত ১.৬৪ লাখতকৈ অধিক চৰকাৰী চাকৰিত অসমৰ যুৱক-যুৱতীসকলক সম্পূৰ্ণ স্বচ্ছতাৰে নিযুক্তি প্ৰদান কৰিলে । কেৱল এই বৃহৎ নিযুক্তিৰ বাবেই ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া  সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি ক’লেও বঢ়াই কোৱা নহ’ব । He is the legendary Chief Minister of Assam. 

       অসমৰ অৰ্থনীতিক বিকাশৰ নতুন দিগন্তৰ সূচনা কৰিবলৈ অসমে বিভিন্ন ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ’বলৈ অবিৰত প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব ।  অসম কেৱল আমদানি কৰা ৰাজ্য হৈ থাকিলে নহ’ব , অসমে প্ৰতিবছৰে উৎপাদন ও ৰপ্তানি বৃদ্ধি কৰিবলৈ অহোপুৰুষাৰ্থ কৰিবই লাগিব । মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে যে তেওঁ অসমক বিদ্যুত উৎপাদনত স্বাৱলম্বী কৰাই নহয় ,  ই যাতে অন্য ৰাজ্যৰো চাহিদা পূৰণ কৰিব পাৰে তাৰ কাৰণে কাম কৰি থকা হৈছে । ক’ৰবাত যদি এক মেগাৱাটৰো যদি জলবিদ্যুৎ নিৰ্মাণৰ সম্ভৱ , তাতেই তেওঁ প্ৰকল্প নিৰ্মাণ কৰাৰ সংকল্প লৈছে । উদ্দেশ্য এটাই : অসম থমকি ৰ’ব নহ’ব কেতিয়াও ।

      আজি অসমৰ পৰা লাখৰ ঘৰত যুৱক-যুৱতীসকল বেংগালুৰু, হাইদৰাবাদ , কেৰেলা আদি ৰাজ্যলৈ গৈ ১২-১৫ হেজাৰ টকাৰ বিনিময়ত বিভিন্ন কামত নিয়োজিত হৈ আছে ।  শ শ এপাৰ্টমেণ্ট থকাৰ বাবে তাত ছিকিউৰিটী গাৰ্ডৰ প্ৰয়োজন হয় , তাত আমাৰ অসমৰ ল’ৰাই কাম কৰি আছে , হোটেল-ৰেষ্টুৰেণ্টত কাম কৰিছে , ফেক্টৰী আদিত কাম কৰি আছে ঘৰৰ পৰা হেজাৰ কিলোমিটাৰ নিলগত। বিভিন্ন সময়ত বিভিন্ন কাৰণত কাৰোবাৰ মৃত্যু হ’লে পৰিয়ালৰ যি দুখ সেয়া বৰ্ননাতীত  । মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেই দুখ বুজি পায় বাবেই অসমতেই সেই সংস্থাপনৰ পৰিৱেশ নিৰ্মাণ কৰিব বিচাৰিছে , যাৰ কাৰণে তেওঁ অসমত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আনিছে , ছেটেলাইট চিটি নিৰ্মাণৰ পৰিকল্পনা কৰিছে । গতিকে এনে এখন সংবেদনশীল জনমুখী চৰকাৰক অসমৰ ৰাইজে বাৰম্বাৰ আশীৰ্বাদ কৰি থকাটো স্বাভাৱিক মাত্ৰ নহয় , ই অপৰিহাৰ্য বা বাধ্যতামূলক হৈ পৰে ।

    চৰকাৰৰ ওচৰত খৰছ কৰিব পৰা শক্তি অসীম নহয় । কাৰণ কোনো চৰকাৰৰ ওচৰলৈ ধন সৰগৰ পৰা আহি নপৰে । চৰকাৰৰ ওচৰলৈ ধন অহাৰ পথ যিমানেই অধিক হ’ব , সিমানেই চৰকাৰ বা ৰাজ্যখন ধনী হ’ব । চৰকাৰৰ ওচৰলৈ ধন তেতিয়াহে অধিক আহিব , যেতিয়া অসমৰ পৰা আমদানি কম হ’ব , ৰপ্তানি বৃদ্ধি হ’ব আৰু বিভিন্ন উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ’ব । আজি পবিত্ৰ সদনত তেওঁ কণীৰ উৎপাদনৰ কথা উল্লেখ কৰে। অসমৰ উৎপাদিত কণীৰে অসমৰ চাহিদা পূৰণ নোহোৱাৰ ফলত বাহিৰৰ পৰা কণী আমদানি কৰিব লগা হয় , ফলত অসমৰ টকা বহি:ৰাজ্যলৈ উলাই যায় । তেওঁ অসমৰ যুৱক-যুৱতীসকলক , উদ্যোগীসকলক বাহুবলীৰ দৰে কণীৰ উৎপাদন বৃদ্ধি কৰিবলৈ সদনৰ জৰিয়তে প্ৰেৰণা যোগাই । সেইদৰে অসমতে গাহৰি , কুকুৰা ,মাছ আদিৰ লগতে যিবোৰ সামগ্ৰী ইয়াতেই উৎপাদন কৰিব পাৰি , সেইবোৰৰ উৎপাদন বৃদ্ধি কৰাৰ এক প্ৰতিযোগিতা আৰম্ভ হ’লে অসমৰ অৰ্থনীতি যথেষ্ট শক্তিশালী হ’ব ।

   আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তৃতাত অসমৰ অৰ্থনীতি সবলীকৰণৰ এক উদগ্ৰ , ক’ব পাৰি এক প্ৰচণ্ড হাবিয়াস প্ৰতিফলিত হয় । কাৰণ অসমৰ উন্নয়নৰ মূল ইন্ধনেই হৈছে ‘এক মজবুত অৰ্থনীতি’ । শুনিবলৈ বেয়া হ’লেও অসমৰ ৰাইজে এতিয়া সকলো কথা ব্যৱসায়িক দৃষ্টিৰে চাবই লাগিব, অৰ্থাৎ আমি বেপাৰ কৰিবলৈ শিকিব লাগিব। আমি যদি আদানী-আম্বানী বেয়া পাওঁ ,নিজেই তেনে এক বিশাল ব্যৱসায়িক সাম্ৰাজ্য গঢ়াৰ প্ৰয়াস কৰিব লাগিব । ষ্টাৰ্টআপ অসম হ’ব লাগিব এক নতুন শ্লোগান ,এক নতুন অৰ্থনৈতিক আন্দোলন । 

   অসমক যদি আমি সঁচাকৈয়ে ভাল পাওঁ , অসমৰ উন্নয়ন যদি আমাৰ লক্ষ্য তেন্তে এই মুহূৰ্তত আমি সকলোৱে চৰকাৰৰ সৈতে একেলগে যাত্ৰা কৰিব লাগিব নতুন অসম গঢ়াৰ সূদীৰ্ঘ পথত ….।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top