প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা একমাত্ৰ মুখ্যমন্ত্ৰীজনেই হৈছে সন্মানীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া । আৰু ‘ কথা ৰাখিব পৰা’ গুণটোৱেই এজন ৰাজনীতিকক সকলোতকৈ পৃথক , অনন্য আৰু শ্ৰেষ্ঠ কৰি তোলে । তেওঁ যেতিয়া কংগ্ৰেছত আছিল , যেতিয়া তেওঁ অসমৰ শিক্ষামন্ত্ৰী আছিল , তেতিয়াই তেওঁ অসমত স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ যাত্ৰা আৰম্ভ কৰিছিল । এটকাও নিদিয়াকৈ হেজাৰ হেজাৰ যুৱক-যুৱতীয়ে টেট পৰীক্ষাত উত্তীৰ্ণ হৈ শিক্ষকতাৰ চাকৰি লাভ কৰিছিল । ইয়াৰ পৰা এইটো স্পষ্ট হয় যে তেওঁ এখন নতুন, সুন্দৰ আধুনিক অসম নিৰ্মাণৰ পৰিকল্পনা কংগ্ৰেছৰ দিনৰ পৰাই কৰি আছিল । কিন্তু সেই দিনত তেওঁক সুযোগ দিয়া নহ’ল । আজি ভাৰতীয় জনতা পাৰ্টিৰ অনুকূল পৰিৱেশত তেওঁ বিজুলি বেগত অসমৰ উন্নয়নৰ কাৰণে অহৰ্নিশে কাম কৰিবলৈ সক্ষম হৈছে । কংগ্ৰেছ চৰকাৰৰ দিনতো অসমৰ উন্নয়নৰ কাৰণে টকাৰ অভাৱ নাছিল , আছিল কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বৰ সদিচ্ছাৰ অভাৱ , আজি যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী আৰু সবল নেতৃত্বত আৰু সদিচ্ছাৰ ফলত কেৱল অসম নহয় , সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ দিশত আগবাঢ়িছে । সেই উন্নয়ন ধাৰা আৰু অধিক শক্তিশালী হৈছে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্ব , সঠিক পৰিকল্পনা আৰু অসমৰ কাৰণে কাম কৰাৰ গভীৰ সদিচ্ছাৰ বাবে । ‘সমাগত সময়’ যিসকলে পঢ়িছে , তেওঁলোকে জানিব যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিমান গভীৰভাৱে চিন্তা কাম কৰে , তেওঁ যে অসম আৰু অসমীয়াৰ কাৰণে কিমান সমৰ্পিত সেই কথা তেওঁৰ সেই কিতাপখন পঢ়িলেই বুজিব পাৰিব ।
২০২১ ৰ বিধানসভা নিৰ্বাচনৰ আগতে তেওঁ ঘোষণা কৰিছিল যে অসমত পুনৰবাৰ বিজেপি চৰকাৰ হ’লে এক লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি দিব । তাকো সম্পূৰ্ণ স্বচ্ছ আৰু মেধাৰ ভিত্তিত । কাৰ্যতঃ সেয়া আমি দেখা পালোঁ । ১.৬৪ লাখতকৈ অধিক নিযুক্তি বিগত পাঁচটা বছৰত তেওঁ প্ৰদান কৰি এক প্ৰকাৰে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হ’ল । দিয়া প্ৰতিশ্ৰুতিকো অতিক্ৰম কৰাৰ সাহস আৰু উদ্যম কিমান জন ৰাজনৈতিক নেতাৰ আছে ? ——-জাতিক ভাল নোপোৱা , ৰাইজৰ কথা চিন্তা নকৰা কোনো মুখ্যমন্ত্ৰীৰ পক্ষে এনে বিৰাট সিদ্ধান্ত গ্ৰহণ কৰা সহজ নহয় । অতীত যেতিয়া স্পষ্ট আৰু নিৰ্ভৰযোগ্য , তেন্তে এইবাৰ নিৰ্বাচনত তেওঁ যে ২ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, সেয়াও ১০১% নিশ্চিত বুলি ক’লে বঢ়াই কোৱা নহ’ব । সেই ইংগিত, ক’ব পাৰি নিশ্চিতি আমি লাভ কৰিলোঁ বিধানসভাৰ প্ৰথমখন বাজেটতে । বাজেটৰ প্ৰথমতেই ২ লাখ চৰকাৰী চাকৰি নিযুক্তি দিয়াৰ কথা উল্লেখ কৰা হৈছে , জনোৱা হৈছে যে ইতিমধ্যে তাৰ কাৰণে বিশেষ টাস্ক ফ’ৰ্চ গঠন কৰি দিয়া হৈছে । অৰ্থাৎ অনাগত পাঁচ বছৰৰ ভিতৰত আমাৰ অসমৰ ২ লাখ টা পৰিয়ালত জীৱনৰ জ্যোতি উন্মোচন হ’ব । আমি দেখিছোঁ কিমান যে দুখীয়া ঘৰৰ ল’ৰা-ছোৱালীয়ে পুলিচৰ চাকৰি লাভ কৰিলে , তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰি লাভ কৰিলে ! আচলতে এয়াই পৰিৱৰ্তন : এন্ধাৰৰ পৰা পোহৰলৈ , অমাবস্যাৰ পৰা পূৰ্ণিমালৈ , হতাশাৰ পৰা আশালৈ আৰু দৰিদ্ৰতাৰ পৰা সফলতালৈ ………
এইখিনিতে এই কথাও মনত ৰাখিব লাগিব যে ২ লাখ মানে কেৱল ২ লাখ নহয় , সেই ২ লাখ যুৱক-যুৱতীৰ সৈতে প্ৰত্যক্ষ-পৰোক্ষভাৱে উপকৃত হ’ব প্ৰায় ১০ লাখটা পৰিয়ালে । একমাত্ৰ এই কাৰ্যৰ বাবেই বিজেপি চৰকাৰ সৰ্বশ্ৰেষ্ঠ হৈ ৰ’ব , আৰু মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ’ব অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী।
