শদিয়াৰ পৰিৱৰ্তনৰ পূজাৰী শ্ৰীযুত বলিন চেতিয়া

    ২৫ টা বছৰ , কিছুমানে ক’ব খোজে যে শদিয়াৰ একো কাম হোৱা নাই , শদিয়াৰ একো উন্নয়ন হোৱা নাই ! এনেকৈ কৈ মাননীয় বৰ্তমান বিধায়ক মহোদয়ৰ বিৰুদ্ধে এক গণ আন্দোলন সৃষ্টি কৰাৰ প্ৰয়াস সদায় এচামে কৰি আহিছে । মোৰ বয়স এতিয়া ৩০ , এই ৩০ টা বছৰত কিন্তু মোৰ চকুৰ সমুখতে শদিয়াৰ বিভিন্ন দিশত বিভিন্ন পৰিৱৰ্তন হোৱা দেখিবলৈ পাইছোঁ । ২০১৬ চনত অসমলৈ বিজেপি চৰকাৰ আহিল , স্বনামধন্য যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উন্নয়নৰ বতাহ , পৰিৱৰ্তৰ বতাহ অসমতো বলাৰ উপক্ৰম হ’ল । অসমৰ প্ৰশাসন ব্যৱস্থাত ব্যাপক সংস্কাৰ আৰু পৰিশুদ্ধি প্ৰক্ৰিয়াৰ আৰম্ভ হ’ল । সেই অনুকূল ৰাজনৈতিক পৰিৱেশত আমাৰ সন্মানীয় বিধায়ক শ্ৰীযুত বলিন চেতিয়া দেৱেও শদিয়াৰ পৰিৱৰ্তনৰ পৃষ্ঠাবোৰ এখন এখনকৈ লিখাৰ আৰম্ভ কৰিলে । বিজেপি চৰকাৰৰ নেতৃত্বতেই , ক’ব পাৰি সদিচ্ছাতেই শদিয়াবাসীয়ে লাভ কৰিলে বহু আকাংক্ষিত আৰু বহু প্ৰতিক্ষীত ড° ভূপেন হাজৰিকা সেতু – ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল নদীৰ ওপৰত থকা দলং কীৰ্তিৰে শদিয়া উজ্বলিত হ’ল । একমাত্ৰ এই কামটোৰ কাৰণেই শদিয়াবাসী বিজেপি চৰকাৰৰ ওচৰত চিৰদিন কৃতজ্ঞ হৈ থাকাব লাগিব । ইয়াৰ কাৰণ আমি কেতিয়াবা লিখিম ।

     শদিয়াৰ তিনি মাইলৰ পৰা ইছলামপুৰ লৈকে খুব সম্ভৱ উজনি অসমৰ আটাইতকৈ সুন্দৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হ’ল , আঠমাইলৰ পৰা চূণপোৰালৈকে সম্পূৰ্ণ পকী ৰাস্তা হ’ল , যিটো বহু বছৰ ধৰি বিধ্বস্ত হৈ পৰি আছিল । বৰষুণ দিলে সাগৰ যেন হৈ পৰা শদিয়াৰ বিভিন্ন পথ সম্পৰ্ণ কলাৰঙী পকী হৈ পৰিল । অসম দৰ্শন আঁচনিৰ জৰিয়তে শদিয়াৰ বহু গাৱঁৰ ৰাইজে নামঘৰৰ বাবে চৰকাৰী লাখটকীয়া অনুদান লাভ কৰিলে , গাৱঁৰ একেবাৰে ভিতৰুৱা সৰু সৰু পথবোৰো ব্লক ইটাৰে সুগঠিত হৈ পৰিল , আনকি পথাৰলৈ যোৱা আলিবোৰো মাটি তুলি সুন্দৰ কৰা হ’ল আৰু এতিয়াও হৈ আছে ।

   তিনিখনকৈ নতুন হস্পিটেলৰ নতুন বিল্ডিং শদিয়াই লাভ কৰিছে  । যদিও ডাক্তৰৰ অভাৱত ব্যৱহাৰযোগ্য হোৱা নাই , তথাপি ইয়াৰ পৰা শদিয়াৰ প্ৰতি থকা বিধায়ক মহোদয়ৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে । কেৱল অসমতেই নহয় , সমগ্ৰ ভাৰততে পৰ্যাপ্ত ডাক্তৰৰ অভাৱ । এই সমস্যাৰ সমাধান কৰিবলৈ হ’লে সমাজ সচেতন হৈ নিজৰ ল’ৰা- ছোৱালীক বা ছাত্ৰ-ছাত্ৰীসকলক চিকিৎসা বিজ্ঞান অধ্যয়নৰ প্ৰতি আগ্ৰহী আৰু উৎসাহী কৰি তুলিব লাগিব । আৰু কিছুমান মৌলিক জটিলতা আছে ,যাৰ বাবে হস্পিটেল থকাৰ পিছতো আমি ডাক্তৰৰ অভাৱ দেখা পাওঁ। ইয়াৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন । কেৱল চৰকাৰক ইয়াৰ বাবে দায়ী কৰি থকাটো যুক্তিসংগত নহয় , বৰং ই প্ৰকৃত সমস্যাটো বুজাৰ পৰা আমাক আঁতৰাইহে লৈ গৈ থাকিব ।

      আমাৰ বয়স যেতিয়া ৬-৭ বছৰ আছিল , আমাৰ গাৱঁৰ বেছিভাগ মানুহৰ ঘৰ আছিল খেৰ আৰু বাঁহেৰে সজা । কাৰোৰেই ঘৰত মটৰ চাইকেল , গাড়ী নাছিল , সকলো নিৰ্ভৰশীল আছিল কৃষিৰ ওপৰত । এতিয়া ৯০%  , ক’ৰবাত ক’ৰবাত ১০০% ঘৰেই পকী হৈ পৰিছে ,‌লাগিলে সি দুটা কোঠা সমৃদ্ধ ঘৰেই নহওঁক কিয় ! ইয়াৰ কাৰণ ‘প্ৰধান মন্ত্ৰী আবাস যোজনা’ৰ সফল ৰূপায়ন । এই যে বৃহৎ যোজনা , ইয়াৰ সফল ৰূপায়ন হোৱাৰ কৃতিত্ব লাভ কৰিব কেৱল শদিয়াৰ বিধায়ক মহোদয়ে ।‌ অসমৰ মহিলাসকলৰ জীৱনত গভীৰভাৱে প্ৰভাৱান্বিত কৰা এটা জনপ্ৰিয় আঁচনি হ’ল ‘ অৰুণোদয় আচঁনি’ । প্ৰতিমাহে ১২৫০ টকাকৈ প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ তথা আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ মহিলাই লাভ কৰিছে । শদিয়াৰ পৰা ৩০ হেজাৰ মহিলাই এই আলোক সন্ধানী আঁচনিৰ সুফল লাভ কৰিছে । এই আচঁনিৰ সফল ৰূপায়নৰ কাৰণেও শদিয়া বাসী ৰাইজে আমাৰ সন্মানীয় বিধায়ক মহোদয়ৰ ওচৰত কৃতজ্ঞ হৈ ৰ’ব । সকলো গাৱঁৰ পৰাই বেছিভাগ মহিলাই এই সুবিধা লাভ কৰিছে । মহিলা উদ্যমিতা আঁচনিৰ ধনো শদিয়াৰ মহিলাই লাভ কৰিছে । বহু যুৱক যুৱতীয়ে ২ লাখ টকাকৈ সংস্থাপনৰ কাৰণে লাভ কৰিছে , আটাইতকৈ ডাঙৰ কথা শদিয়াৰ পৰা শ শ যুৱক-যুৱতীয়ে এটকাও কাকো নিদিয়াকৈ সম্পূৰ্ণ যোগ্যতাৰ ভিত্তিত বিভিন্ন চৰকাৰী চাকৰিত নিযুক্তি লাভ কৰিছে ।

      এইবোৰৰ ওপৰিও যিটো কাম বিধায়ক মহোদয়ে শদিয়াৰ ৰাইজৰ কাৰণে কৰিবলৈ সক্ষম হৈছে , সেইটো হৈছে এক যোগাত্মক অৰ্থনৈতিক প্ৰতিযোগিতামূলক পৰিৱেশ ৰচনা কৰা । আপোনালোকে সকলোৱে দেখিব যে আজি শদিয়াৰ যুৱক- যুৱতী আগৰ দৰে ঘৰত বহি নেথাকে , উপাৰ্জনৰ বিভিন্ন পথ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে । হেজাৰ হেজাৰ মহিলাই প্ৰতিদিনে বিভিন্ন ঠাইৰ বজাৰ দখলৰ কৰিবলৈ সক্ষম হৈছে , উদাহৰণস্বৰূপে তিনিচুকীয়াৰ দেওবৰীয়া বজাৰখনলৈ যাব পাৰে । তিনিচুকীয়া কলেজৰ পৰা গোটেই খেলা পুখুৰী ৰ’ডটোৰ কাষে কাষে কেৱল শদিয়াৰ মহিলা বেপাৰী দেখা পাব , আনকি ডিব্ৰুগড়টো এতিয়া শদিয়াৰ বেপাৰীৰ দপদপনি।

যিয়ে শদিয়াৰ মানুহৰ জীৱন ধাৰণ উন্নত কৰি আনিছে ক্ৰমশঃ । আচলতে পৰিৱৰ্তন এয়াই , পৰিৱৰ্তন মানে জীৱনৰ পৰিৱৰ্তন, যি ধীৰে ধীৰে শূণ্যতাৰ পৰা বিশালতাৰ ফালে উত্তৰণ ঘটে । 

  এই সকলো পৰিৱৰ্তনৰ মহা নায়ক জনেই হৈছে আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত বলিন চেতিয়া ডাঙৰীয়া ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top